NORTHEAST NOW (Assamese)
অসম

সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কাশ্মীৰত প্ৰাণ হেৰুৱা অসমৰ বীৰ চহিদ পদম বাহাদুৰ শ্ৰেষ্ঠৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 23, 2019 7:47 am

ভাৰত-পাক সীমান্তত পাকিস্তানী সেনাই যুদ্ধ বিৰতি উলংঘা কৰি চলোৱা গুলীবৰ্ষণত ১৯ অক্টোবৰত কাশ্মীৰত চহিদ হোৱা ৩৯ নং গোৰ্খা ৰেজিমেণ্টৰ বীৰ জোৱান পদম বাহাদুৰ শ্ৰেষ্ঠৰ নশ্বৰ দেহৰ অন্ত্যেষ্টিক্ৰিয়া মঙলবাৰে সন্ধিয়া সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে নিজ গাঁৱত সম্পন্ন কৰা হয়।

বীৰ জোৱান গৰাকীৰ জন্মস্থান বৰপথাৰ মৌজাৰ হাতীঘুলি গাঁৱত হাজাৰ হাজাৰ লোকৰ উপস্থিতিত সামৰিক বাহিনীয়ে ২১ জাঁই টোপধ্বনিৰে শ্ৰেষ্ঠক সন্মান জনায়।

পদম বাহাদুৰ শ্ৰেষ্ঠৰ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত ৰাজ্য চৰকাৰৰ হৈ কৃষি মন্ত্ৰী অতুল বৰাৰ সৈতে স্থানীয় বিধায়িকৰ লগতে ভাৰতীয় সেনা বাহিনীৰ ভালেমান বিষয়া উপস্থিত থাকে।

ভাৰতীয় চহিদ গৰাকীৰ নশ্বৰ দেহ বিমানযোগে প্ৰথমে ডিমাপুৰলৈ অনাৰ পাছত তাৰ পৰা জন্মস্থান গোলাঘাটলৈ লৈ অনা হয়।

গোৰ্খা ৰেজিমেণ্টৰ জোৱান গৰাকীৰ নশ্বৰ দেহ গৃহভূমিত উপস্থিত হোৱাৰ লগে লগে হাজাৰ হাজাৰ লোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে পাকিস্তান মুৰ্দাবাদ ধ্বনি দিয়ে।

স্থানীয় বিধায়ক, জিলা উপায়ুক্তকে ধৰি বিভিন্ন দল, সংগঠনে চহিদ গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।