NORTHEAST NOW (Assamese)
অসম

বাংলাদেশ ক্ৰিকেট বোৰ্ডৰ ৰোষত চাকিব উল হাছান; আইনী ব্যৱস্থা গ্ৰহণৰ পদক্ষেপ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 27, 2019 11:19 am
5-24-1

বাংলাদেশ ক্ৰিকেট বোৰ্ডৰ চৰ্ত উলংঘা কৰাৰ অপৰাধত বোৰ্ডে চাকিব উল হাছানক কাৰম দৰ্শোৱাৰ জাননী জাৰি কৰিবলৈ সাজু হৈছে।

বাতৰি অনুসৰি, বাংলাদেশ ক্ৰিকেট দলৰ অধিনায়ক চাকিব উল হাছান গ্ৰামীণ ফোন কোম্পানীৰ এম্বেছাদৰ হিচাপে নিয়োজিত হৈ আছে।

ইপিনে, বাংলাদেশ ক্ৰিকেট বোৰ্ডৰ খেলুৱৈৰ সৈতে চুক্তি অনুসৰি, ৰাষ্ট্ৰীয় নিৰ্বাচনত উঠা ক্ৰিকেটাৰে টেলিকম কোম্পানীৰ সৈতে জড়িত হ’ব নোৱাৰে।

বাংলাদেশ ক্ৰিকেট বোৰ্ডৰ অধ্যক্ষ নজমুল হাছানে কয় যে যদি চাকিবে সন্তোষজনক উত্তৰ দিব নোৱাৰে তেতিয়াহ’লে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

চাকিবে এখন বাংলা দৈনিকৰ আগত কয় যে তেওঁলোকে এনেধৰণৰ ব্যৱহাৰ (টেলিকম কোম্পানীৰ লগত) কৰিব নোৱাৰে। তেওঁলোকে এনেধৰণৰ বুজাবুজিক আমাৰ চুক্তিপত্ৰত স্পষ্টভাৱে কিয় উল্লেখ কৰিব নোৱাৰে।

অধ্যক্ষ হাছানে কয় যে আমি আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়িছো। আমি এই বিষয়ত কাকো ৰেহাই দিব নোৱাৰো। আমি তেওঁক আৰু কোম্পানীটোক ক্ষতিপূৰণ দিবলৈ কম।

বোৰ্ডৰ অধ্যক্ষগৰাকীয়ে কয়,’’মই এই বিষয়ে ২৩ অক্টোবৰত শুনিবলৈ পাওঁ আৰু ইয়াৰ পাছতে গ্ৰামীণফোনক আইনী জাননী প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিও। মই চাকিবকো এখন জাননী প্ৰেৰণ কৰিবলৈ কও যাতে তেওঁৰ উত্তৰ লাভ কৰিব পৰা যায়।‘’

শুকুৰবাৰে দলৰ অনুশীলনত চাকিব অনুপস্থিত আছিল। অৱশ্যে প্ৰশিক্ষক ৰাছেল ডোমিংগোৱে জ্বৰৰ বাবে অনুশীলনত অংশ নোলোৱা বুলিহে জানিবলৈ দিয়ে।