NORTHEAST NOW (Assamese)
অসম

সন্ত্ৰাসবাদীৰ লক্ষ্য এইবাৰ বিৰাট কোহলি! মোদী-শ্বাহকো হত্যাৰ ভাবুকি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 29, 2019 2:33 pm
Kohli-+-Modi-+-Shah

সন্ত্ৰাসবাদীয়ে এইবাৰ হত্যাৰ ভাবুকি দিছে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিক। লগতে হত্যাৰ ভাবুকি দিয়া হৈছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্ৰী অমিত শ্বাহ, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণকে ধৰি কেইবাজনকো।

স্বাভাৱিকতে ৰাজধানী নতুন দিল্লীত বিষয়টোক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

মঙলবাৰে পুৱাই দিল্লীৰ এ আই এৰ কাৰ্যালয়ত এখন পত্ৰ লাভ কৰা হয়। পত্ৰখন আহিছে অল ইণ্ডিয়া লস্কৰ ই তৈবা নামৰ এটা সন্ত্ৰাসবাদী সংগঠনৰ পৰা। পত্ৰখনত সন্ত্ৰাসবাদী সংগঠনটোৱে লক্ষ্য কৰি লোৱা এখন তালিকা প্ৰেৰণ কৰিছে।

পত্ৰখনত দাবী কৰা মতে সন্ত্ৰাসবাদী সংগঠনটোৰ সদস্যৰ মৃত্যুৰ প্ৰতিশোধ ল’বলৈ ভাৰতৰ বহু কেইজন আগশাৰীৰ তাৰকা তথা ৰাজনৈতিক নেতাক লক্ষ্য কৰি লোৱা হৈছে। তেওঁলোকৰ এই লক্ষ্যৰ তালিকা এখনো সদৰী কৰিছে।

সন্ত্ৰাসবাদী সংগঠনটোৰ এই তালিকাৰ শীৰ্ষত আছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম। দ্বিতীয় স্থানত আছে গৃহ মন্ত্ৰী অমিত শ্বাহ।

তালিকাত আছে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, আৰ এছ এছ প্ৰধান মোহন ভাগৱত, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ, ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানি।

আনহাতে, এইবাৰ প্ৰথমবাৰৰ বাবে কোনো সন্ত্ৰাসবাদী সংগঠনে লক্ষ্য কৰি লৈছে বিৰাট কোহলিক।

অৱশ্যে, পত্ৰ প্ৰেৰণ কৰা সংগঠনটোৰ প্ৰকৃততে কোনো অস্তিত্ব আছেনে নাই সেই বিষয়ে সংশয় প্ৰকাশ কৰিছে প্ৰতিৰক্ষা বিশেষজ্ঞসকলে। তেওঁলোকে ইয়াক পাকিস্তানৰ এক চক্ৰান্ত বুলিহে ক’ব খোজে।

ইপিনে, কোহলিহতৰ নিৰাপত্তা বিষয়ক লৈ নতুন দিল্লীয়ে এতিয়ালৈকে কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।