NORTHEAST NOW (Assamese)
অসম

আন্তঃজিলা জুনিয়ৰ হেণ্ডবল প্ৰতিযোগিতাত উভয় শাখাতে শ্ৰেষ্ঠত্বৰ খিতাপ পালে শিৱসাগৰে

Posted by: হিতোজ্জ্বল চেতিয়া February 5, 2018 1:51 pm
Dimou girls handball team

যোৱা ২, ৩ আৰু ৪ ফেব্ৰুৱাৰি ২০১৮ ত নলবাৰী বেলশৰত অনুষ্ঠিত হোৱা ২৬ সংখ্যক অমূল্য দাস সোঁৱৰণী আন্তঃ জিলা দিবা-নৈশ জুনিয়ৰ হেণ্ডবল প্ৰতিযোগিতাত  শিৱসাগৰ জিলাক প্ৰতিনিধিত্ব কৰি ডিমৌ হেণ্ডবল ক্লাৱৰ ল’ৰা আৰু ছোৱালী দুয়োটা দলে চেম্পিয়নৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে।

নলবাৰী জিলা কাবাদী আৰু খো-খো সন্থাৰ ৰূপালী জয়ন্তী উপলক্ষে বেলশৰ আঞ্চলিক ক্ৰীড়া সংঘৰ উদ্যোগত বেলশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এই প্ৰতিযোগিতাখন অনুষ্ঠিত হয়।

উল্লেখযোগ্য যে অমূল্য দাস সোঁৱৰণী  আন্তঃ জিলা জুনিয়ৰ দিবা নৈশ হেণ্ডবল প্ৰতিযোগিতাৰ ছোৱালী শাখাৰ চূড়ান্ত খেলত  শিৱসাগৰে ঘৰুৱা দল নলবাৰীক ১৮-০৬ গ’লৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰি শ্ৰেষ্ঠত্বৰ খিতাপ দখল কৰে।

Dimou boys handball team

ইয়াৰ পূৰ্বে শিৱসাগৰ ছোৱালী দলটোৱে ছেমি ফাইনেলত শিৱসাগৰে তিনিচুকীয়াক ১১-২ আৰু নলবাৰীয়ে গোলাঘাটক ১৮-৭ গ’লত পৰাস্ত কৰিছিল।

আনহাতে শিৱসাগৰৰ ল’ৰাৰ দলটোৱে প্ৰাগজ্যোতিষপুৰক ১৯-১৬ গ’লৰ ব্যৱধানত পৰাজিত কৰি বিজয়ী খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়।

ল’ৰাৰ ছেমিত শিৱসাগৰে ধুবুৰীক ২১-১০ আৰু প্ৰাগজ্যোতিষপুৰে তিনিচুকীয়াক ১৫-১০ গ’লৰ ব্যৱধানত পৰাস্ত কৰিছিল।

উল্লেখনীয় যে ,যোৱা জানুৱাৰি মাহৰ ৪, ৫ আৰু ৬ তাৰিখে ডিমৌত অনুষ্ঠিত হোৱা সদৌ অসম  অচ্যুত বৰুৱা সোঁৱৰণী ছিনিয়ৰ দিবা  নৈশ হেণ্ডবল প্ৰতিযোগিতাতো পুৰুষ আৰু মহিলা উভয় শাখাতে শিৱসাগৰ জিলাক প্ৰতিনিধিত্ব কৰি ডিমৌ হেণ্ডবল ক্লাৱৰ খেলুৱৈ সকলে চেম্পিয়নশ্বিপ অৰ্জন কৰিছিল ।

এই সফলতাত  ডিমৌ বাসীয়ে বিজয়ী দুয়োটা দলৰ খেলুৱৈ তথা মূখ্যপ্ৰশিক্ষক মঞ্জুৰ আলীক অভিনন্দন জ্ঞাপন কৰে।

স্মৰ্তব্য যে অমূল্য দাস সোঁৱৰণী আন্তঃ জিলা দিবা-নৈশ জুনিয়ৰ হেণ্ডবল প্ৰতিযোগিতাখনিৰ ৰবিবাৰে নিশা সামৰণি পৰে।