NORTHEAST NOW (Assamese)
অসম

বৰপেটাত মধ্যাহ্ন ভোজন কৰ্মীৰ প্ৰতিবাদত উত্তপ্ত পৰিস্থিতি

Posted by: পুলেন্দ্ৰ দাস Updated by: পুলেন্দ্ৰ দাস November 1, 2019 2:54 pm
protest at Barpeta

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত সমগ্ৰ দেশত ৰূপায়ণ হৈ থকা মধ্যাহ্ন ভোজন আঁচনি ৰাজ্য চৰকাৰে বেচৰকাৰী সংস্থাৰ হাতত গতাই দিয়া সিদ্ধান্তৰ বিৰুদ্ধে বৰপেটাত ৰন্ধন কৰ্মী আৰু সহায়িকাসকলে শুকুৰবাৰেও তীব্ৰ বিক্ষোভ কাৰ্য্যসূচী সাব্যস্ত কৰে।

ৰন্ধন কৰ্মী আৰু সহায়িকাসকলে বৰপেটাৰ কদমগুৰিস্থিত কেন্দ্ৰীয় ৰন্ধন শালৰ সন্মুখত বৃহস্পতিবাৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাছত শুকুৰবাৰেও একেটা স্থানত পুৱাৰে পৰা বিক্ষোভ কাৰ্যসূচী অব্যাহত ৰাখিছে।

মধ্যাহ্ন ভোজন কৰ্মীসকলৰ প্ৰতিবাদৰ ফলত প্ৰতিবাদস্থলী উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে।

আনহাতে, পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে সেই স্থানত যথেষ্ট সংখ্যক নিৰাপত্তাৰক্ষী মোতায়ন কৰিছে।

মধ্যাহ্ন ভোজন কৰ্মী সহায়িকা সন্থাৰ সদস্যা সকলে বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে চৰকাৰৰ হঠকাৰী সিদ্ধান্ত বাতিল কৰাৰ বাবে দাবী জনায়।

প্ৰতিবাদকাৰী সকলে মধ্যাহ্ন ভোজন আঁচনিৰ দায়িত্ব লোৱা ”এন জি অ’ গো বেক, এন জি অ’ৰ কাৰ্যালয় জ্বলাই দিয়ক, অসম চৰকাৰ হায় হায়” আদি বিভিন্ন শ্লোগানৰে পৰিবেশ উত্তাল কৰি তোলে।

উল্লেখযোগ্য যে, বছৰ বছৰ ধৰি নিম্নতম পাৰিশ্ৰমিকত সেৱা আগবঢ়াই অহা ৰন্ধন কৰ্মী আৰু সহায়িকাসকলক চৰকাৰখনে ষড়যন্ত্ৰমূলকভাবে কামৰ পৰা বিতাৰণ কৰিব বিচৰা কাৰ্য্যক কোনোপধ্যে মানি নলয় বুলি প্ৰতিবাদকাৰীসকলে চৰকাৰক সকীয়াই দিয়ে।