NORTHEAST NOW (Assamese)
অসম

দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ হ’ব উত্তৰ-পূব ভাৰত: বেংককত প্ৰধান মন্ত্ৰী মোদী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 3, 2019 9:39 am
EIXuyYmX0AENr5i

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে থাইলেণ্ডৰ প্ৰবাসী ভাৰতীয়সকলক সম্বোধন কৰি কয় যে বেংককত প্ৰথম নৰ্থইষ্ট ফেষ্টিভেল উদযাপনৰ প্ৰথম উদ্দেশ্য এইটোৱে উদ্দেশ্য আছিল যে যেতিয়া ভাৰত-ম্যানমাৰ-থাইলেণ্ড ঘাইপথ মুকলি হ’ব তেতিয়া গোটেই অঞ্চলটোতে বাণিজ্য আৰু পৰ্যটনৰ লগতে মৈত্ৰীবন্ধনো শক্তিশালী হ’ব।

প্ৰধান মন্ত্ৰী মোদীয়ে কয় যে উত্তৰ-পূব ভাৰতক আমি থাইলেণ্ডৰ সৈতে সংযোগিত কৰাৰ বাবে কাম কৰি আছো। এছিয়ান দেশৰ এক হাজাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আই আই টিত বৃত্তি প্ৰদান কৰা হ’ব বুলিও মোদীয়ে কয়।

দক্ষিণ-পূব এছিয়াৰ বাবে ভাৰতৰ উত্তৰ-পূব দুৱাৰমুখ হ’ব বুলি উল্লেখ কৰি মোদীয়ে কয়,’’থাইলেণ্ডৰ প্ৰতিটো স্থান নিজৰ নিজৰ লাগে। ইয়াৰ পৰম্পৰা আৰু আস্থাত ভাৰতীয়তাৰ চানেকি আছে।‘’

মোদীয়ে কয় যে থাইলেণ্ডৰ ৰাজপৰিয়ালৰ ভাৰতৰ প্ৰতি থকা টান আমাৰ ঘনিষ্ঠ আৰু ঐতিহাসিক সম্পৰ্কৰ প্ৰতীক। ৰাজকুমাৰী মহাচক্ৰী নিজেই সংস্কৃতৰ এগৰাকী বিদূষী মহিলা আৰু সংস্কৃতিৰ প্ৰতি গভীৰ ৰুচি থকা মহিলা। বাৰতৰ সৈতে তেওঁৰ আত্মীয়তাৰ সম্পৰ্ক বহুত গভীৰ।

তেওঁ কয়, ‘’ভাৰত-থাইলেণ্ডৰ সম্পৰ্ক কেবল চৰকাৰ দুখনৰ মাজতে নহয়। ইতিহাসৰ প্ৰতিটো মুহূৰ্তই, ইতিহাসৰ প্ৰতিটো ঘটনাই, আমাৰ সম্পৰ্কক বিকশিত কৰিছে, প্ৰসাৰিত কৰিছে আৰু নতুন দিশলৈ লৈ গৈছে। এই সম্পৰ্ক অন্তৰৰ সম্পৰ্ক, আত্মাৰ সম্পৰ্ক, বিশ্বাস আৰু অধ্যাত্মৰ সম্পৰ্ক।‘’

প্ৰধান মন্ত্ৰী মোদীয়ে কয়,’’আমি এতিয়া সেই লক্ষ্যত উপনীত হোৱাৰ বাবে কাম কৰি আছো যিটো কেতিয়াবা অসম্ভৱ যেন লাগিছিল। যিসকলে ভাবিবই পৰা নাছিল, আপোনালোক সকলোৱে এই কথা জানে যে সন্ত্ৰাসবাদ আৰু পৃথকতাবাদৰ বীজ সিচিব খোজা এক বহু ডাঙৰ কাৰণৰ পৰা মুক্ত কৰাৰ সিদ্ধান ভাৰতে গ্ৰহণ কৰিছে।‘’