NORTHEAST NOW (Assamese)
অসম

বোকাখাতত চাইকেলক খুন্দিয়াই বাইক আৰোহীৰ মৃত্যু, মহিলা আহত

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া November 6, 2019 7:42 pm

বোকাখাত নগৰৰ হনুমান মন্দিৰৰ সমীপত আজি সংঘৰ্টিত এক পথ দুৰ্ঘটনাত এজন যুৱকৰ মৃত্যু হোৱাৰ উপৰিও এগৰাকী মহিলা গুৰুতৰভাৱে আহত হয়।

প্ৰাপ্ত তথ্য মতে এ এছ ০৩ ডব্লিউ ৯৪৭২ নম্বৰৰ কে টি এম মটৰ চাইকেলেৰে অহা সঞ্জীৱ ঠাকুৰ নামৰ এজন যুৱকে চাইকেল চলাই আহি থকা যোগে পেগু নামৰ এগৰাকী মহিলাক খুন্দ মাৰি নিজে ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰে।

দুৰ্ঘটনাৰ পাছত সঞ্জীৱ ঠাকুৰ আৰু যোগে পেগুক বোকাখাত অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও সঞ্জীৱ ঠাকুৰক চিকিৎসকে মৃত বুলি ঘোষণা কৰে। গুৰুতৰভাৱে আহত যোগে পেগুক উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ হাস্পাতাললৈ প্ৰেৰণ কৰা হয়।

নিহত সঞ্জীৱ ঠাকুৰৰ ঘৰ বোকাখাত বিহৰাত বুলি জানিব পৰা গৈছে।