NORTHEAST NOW (Assamese)
অসম

এছিয়ান আৰ্চাৰি চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক বিজয়ী ভাৰতীয় মহিলা দলক কিৰেন ৰিজিজুৰ শুভেচ্ছা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 26, 2019 6:24 pm
Bombayla Devi

থাইলেণ্ডৰ ৰাজধানী বেংককত শনিবাৰৰ পৰা আৰম্ভ হোৱা এছিয়ান আৰ্চাৰি চেম্পিয়নশ্বিপ-২০১৯ত ভাৰতীয় মহিলা দলটোৱে ৰিকাৰ্ভ শাখাত ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হৈছে।

দীপিকা কুমাৰী, অংকিতা ভকত আৰু বোম্বাইলা দেৱীৰে গঠিত ভাৰতীয় মহিলা আৰ্চাৰি দলটোৱে ৰিকাৰ্ভত জাপানক ৫-১ৰ ব্যৱধানত পৰাস্ত কৰি দেশলৈ ব্ৰঞ্জৰ পদক কঢ়িয়াই আনে।

উল্লেখযোগ্য যে, ভাৰতীয় দলটোৰ খেলুৱৈ বোম্বাইলা দেৱী মণিপুৰৰ বাসিন্দা।

কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী কিৰেন ৰিজিজুৱে টুইটাৰ যোগে ভাৰতীয় মহিলা দলটোৰ সফলতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

‘‘দীপিকা কুমাৰী, অংকিতা ভকত আৰু বোম্বাইলা দেৱীৰ গঠিত ভাৰতীয় আৰ্চাৰী দলে এছিয়ান আৰ্চাৰী চেম্পিয়নশ্বিপৰ ৰিকাৰ্ভ শাখাত জাপানক ৫-১ ত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হৈছে। তেওঁলোকক শুভেচ্ছা জনালো,’’ টুইটাৰত ৰিজিজুই উল্লেখ কৰে।