NORTHEAST NOW (Assamese)
অসম

ভাৰতৰ পৰা গৰু চুৰ কৰিবলৈ আহি জনতাৰ প্ৰহাৰত মৃত্যু বাংলাদেশীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 26, 2019 7:51 pm
Bangladeshi Killed

সীমান্ত পাৰ হৈ ভাৰতৰ পৰা গৰু চুৰ কৰিবলৈ অহা এজন বাংলাদেশী লোকৰ জনতাৰ প্ৰহাৰত মৃত্যু হৈছে।

ঘটনাটো আজি পুৱতি নিশাৰ আৰু ঘটনাস্থল ভাৰতৰ পশ্চিম বংগৰ সৈতে সংলগ্ন বাংলাদেশ সীমান্তৰ চৌদাংগা জিলাৰ দামুৰহুদা উপজিলা।

দামুৰহুদা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুকুমাৰ বিশ্বাসৰ উদ্ধৃতিৰ সৈতে বাংলাদেশৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ এটা সংবাদ প্ৰতিষ্ঠানে কয় যে ২৫ বছৰীয়া গনি মিয়াই গৰু চুৰ কৰাৰ উদ্দেশ্য লৈ সীমান্ত পাৰ হওঁতেই তেওঁক ভাৰতৰ সীমাত থকা স্থানীয় লোকে হাতে-লোটে ধৰে।

পূৰ্বেও এইদৰে গৰু চুৰ কৰা গনি মিঞাক উন্মত্ত জনতাই নিৰ্মমভাৱে প্ৰহাৰ কৰে আৰু মুমূৰ্ষু অৱস্থাত সীমান্তত পেলাই থোৱা হয়।

পিছত তেওঁক বাংলাদেশৰ পাৰৰ মানুহে উদ্ধাৰ কৰি চৌদাংগা সদৰ চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

“গনিৰ বিৰুদ্ধে ভাৰতৰৰ পৰা গৰুৰ চোৰাং কাৰবাৰ কৰাৰ এটা গোচৰ পূৰ্বেও ৰুজু হৈ আছে”, চৌদাংগা-৬ ব’ৰ্ডাৰ গাৰ্ড বেটেলিয়নৰ ডিৰেক্টৰ মহম্মদ খালেক উজ্জামানে কয়।

ঘটনাত জড়িতসকলৰ সন্ধান উলিয়াবলৈ চেষ্টা চলি থকা বুলি তেওঁ জনায়।