NORTHEAST NOW (Assamese)
অসম

দুৰ্নীতিৰ অভিযোগত অভিযুক্ত উদ্যান শস্য বিভাগৰ যুটীয়া সঞ্চালকক নিলম্বন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 27, 2019 9:50 am
suspended-

দুৰ্নীতিত জড়িত থকাৰ অভিযোগত চাকৰিৰ পৰা নিলম্বিত কৰা হ’ল ত্ৰিপুৰাৰ উদ্যান শস্য বিভাগৰ যুটীয়া সঞ্চালক সৌমিত্ৰ দাসক।

এটা সূত্ৰই জানিব দিয়া অনুসৰি দাসৰ বিৰুদ্ধে থকা অভিযোগৰ বিষয়টো বিভাগে নিজাববীয়াকৈ অনুসন্ধান চলাইছিল আৰু প্ৰমাণ হোৱাত তেওঁক চাকৰিৰ পৰা নিলম্বন কৰে।

যোৱা ২২ নৱেম্বৰতে বিভাগৰ তৰফৰ পৰা সৌমিত্ৰ দাসলৈ নিলম্বনৰ পত্ৰ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

অভিযোগ অনুসৰি যুটীয়া সঞ্চালক গৰাকীয়ে বিভাগীয় বীজ, সাৰৰ লগতে অন্যান্য কৃষিজাত সামগ্ৰী ক্ৰয়ত ব্যাপক অনিয়ম সংঘটিত কৰিছে।

ইয়াৰ উপৰি তেওঁ আন আন দুৰ্নীতিৰ অভিযোগতো অভিযুক্ত আছিল বুলি জানিব পৰা যায়।

ইমানবোৰ দুৰ্নীতিৰ অভিযোগত অভিযুক্ত হৈ চাকৰিৰ পৰা নিলম্বিত হ’লেও চৰকাৰে দাসৰ বিৰুদ্ধে কোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা নাই।

সৌমিত্ৰ দাসৰ পূৰ্বে কৃষাণু চক্ৰৱৰ্তি নামৰ আন এগৰাকী কৃষি বিষয়াও দুৰ্নীতিত জড়িত থকাৰ অভিযোগত অভিযুক্ত হৈ চাকৰিৰ পৰা নিলম্বিত হৈছে।