NORTHEAST NOW (Assamese)
অসম

শুকুৰবাৰে নাগৰিকত্ব বিধেয়ক সম্পৰ্কীয় বৈঠকৰ বাবে উত্তৰ-পূবৰ বিভিন্ন পক্ষক অমিত শ্বাহৰ বাসগৃহলৈ আমন্ত্ৰণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 28, 2019 10:03 pm
amit-shah

ৰাজ্যত নাগৰিকত্ব বিধেয়ক বিৰোধী প্ৰতিবাদ চলি থকাৰ সময়তে শুকুৰবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ বাসগৃহত অনুষ্ঠিত হ’বলগীয়া নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কীয় বৈঠকৰ বাবে সকলো অংশীদ্বাৰী দল, সংগঠনক আমন্ত্ৰণ জনোৱা হৈছে।

আনহাতে, উত্তৰ-পূবৰ কংগ্ৰেছৰ লোকসভা আৰু ৰাজ্যসভাৰ সাংসদ সকলে একেটা দিনতে নাগৰিকত্ব বিধেয়কৰ বিপক্ষে সংসদৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰিব।

চৰকাৰী সূত্ৰ মতে, অমিত শ্বাহৰ বাসগৃহত বৈঠকখন নিশা ৯ বজাত অনুষ্ঠিত হ’ব।

‘‘উত্তৰ-পূবৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতাৰ লগতে বিভিন্ন দল-সংগঠনকো বৈঠকলৈ আমন্ত্ৰণ জনোৱা হৈছে,’’ সূত্ৰত প্ৰকাশ।

জানিব পৰা মতে, অহা সপ্তাহত চৰকাৰে সংসদত নাগৰিকত্ব বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে।

পূৰ্বেও কেন্দ্ৰ চৰকাৰে সংসদৰ শীতকালীন অধিৱেশনত নাগৰিকত্ব বিধেয়ক উত্থাপন কৰিব বুলি কৈছিল।

উত্তৰ-পূবৰ কংগ্ৰেছ সাংসদ সকলে সংসদ ভৱনৰ চৌহদত থকা গান্ধী প্ৰতিমূৰ্তিৰ সন্মুখত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰিব।

আনহাতে, ত্ৰিপুৰা কংগ্ৰেছৰ তৰফৰ পৰা বৈঠকত অংশগ্ৰহণ নকৰাৰ সম্ভৱনা প্ৰকট হৈ পৰিছে।

ত্ৰিপুৰা কংগ্ৰেছৰ তৰফৰ পৰা উল্লেখ কৰা মতে, তেওঁলোকে আজিহে পত্ৰ লাভ কৰিছে যাৰবাৰে হঠাৎ কাইলৈ দিল্লীলৈ যোৱাটো সম্ভৱ নহয়।

বিজেপিয়ে জানি বুজি তেওঁলোকক এনেদৰে হঠাতে আমন্ত্ৰণ জনাই প্ৰবঞ্চনা কৰিছে বুলিও ত্ৰিপুৰা কংগ্ৰেছে অভিযোগ কৰে।