NORTHEAST NOW (Assamese)
অসম

কুকুৰে কিয় গাড়ীৰ চকাত মূতে? কাৰণবোৰে আচৰিত কৰিব পাৰে আপোনাক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 29, 2019 8:47 pm
Dogs pee on tyre

কুকুৰে জোপোহা গছ, খুঁটা আদিত ঠেং দাঙি মূতাৰ দৃশ্য আমাৰ অতি পৰিচিত। কি্ন্তু কুকুৰে যে প্ৰায়ে গাড়ীৰ চকাতো একেই কামফেৰা কৰে, তাৰ কিছুমান কাৰণ আছে।

নিত্যসংগী পশু-পক্ষীৰ (Pet) বিষয়ে দিহা-পৰামৰ্শ, প্ৰশিক্ষণ, বিভিন্ন অধ্যয়নভিত্তিক তথ্য আদি প্ৰকাশ কৰা Cuteness.com নামৰ অনলাইন বাৰ্তালোচনীখনে ইয়াৰ কিছুমান আশ্চৰ্য্যকৰ দিশৰ কথা কৈছে।

আলোচনীখনৰ মতে, প্ৰাপ্তবয়স্ক মতা কুকুৰে এইদৰে ঠেং দাঙি মূতাৰ জৰিয়তে কেইবাটাও উদ্দেশ্য সাধন কৰে।

কুকুৰ প্ৰচুৰ ঘ্ৰাণশক্তি থকা জন্তু আৰু ই গোন্ধৰ পৰা বহু তথ্য আহৰণ কৰে।

প্ৰাপ্তবয়স্ক মতা কুকুৰে সাধাৰণতে নতুন ঠাইত ঘন ঘনকৈ ঠাই সলাই সলাই মূতে। ইয়াৰ জৰিয়তে সিহঁতে নিজৰ অস্তিত্ব আৰু কৰ্তৃত্বাধীন এলেকাৰ পৰিসীমা ঘোষণা কৰে। এটা কুকুৰে তাৰ মূতৰ গোন্ধৰ পৰা আন কুকুৰে তাৰ এলেকা আৰু কৰ্তৃত্বৰ বিষয়ে গম পোৱাটো বিচাৰে। বাৰ্তালোচনীখনৰ মতে, কুকুৰৰ মূতত বাৰ্তা যোগাযোগ সম্ভৱ কৰি তোলা হৰম’ন থাকে।

প্ৰায়ে থিয় বস্তুত মূতাৰ আঁৰৰ কাৰণ হ’ল এইবোৰত পেচাবৰ গোন্ধ অধিক সময় ধৰি স্থায়ী হৈ থাকে (মাটিতকৈ)।

আনহাতে গাড়ীৰ চকাত মূতাৰ কাৰণটো তাতকৈ আমোদজনক। গাড়ীৰ চকাত সাধাৰণতে বিভিন্ন ঠাইৰ মাটি, মল আৰু সেইবোৰৰ গোন্ধ লাগি থাকে, যিবোৰ কুকুৰে তাৰ ঘৰুৱা পৰিৱেশ বা পৰিচিত গোন্ধবোৰৰ অচিনাকি পায়। তেতিয়াই নতুন ঠাইত নিজৰ অস্তিত্ব তাত ঘোষণা কৰা উচিত বুলি ভাবি সি গাড়ীৰ চকাটোত মূত্ৰ বিসৰ্জন কৰে।