NORTHEAST NOW (Assamese)
অসম

দেৱালৰ লিখন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 9, 2019 2:14 pm
Writing on the wall: Guwahati wakes up to NO CAB cry as Amit Shah tables bill in Lok Sabha

ভাৰতীয় সংসদত সোমবাৰে নাগৰিকত্ব বিধেয়কে গতি লাভ কৰাৰ সময়তে অসমত কেববিৰোধী আন্দোলন তুংগত উঠা দেখা গৈছে।

আন্দোলনে অসমত হিংসাত্মক ৰূপ লোৱা নাই যদিও দেখা গৈছে প্ৰতিবাদকাৰীসকলে কেব বিৰোধিতাৰ একো পথ এৰিব খোজা নাই।

বিধেয়কৰ বিৰুদ্ধে আহ্বায়িত “অসম বন্ধ”ই ৰাজধানী গুৱাহাটীক এৰি সমগ্ৰ ৰাজ্যখনত প্ৰভাৱ পেলাইছে।

লোক সভাত বিধেয়কখন উত্থাপনৰ দিনাই পুৱাৰ ভাগত গুৱাহাটীজুৰি বাটৰ কাষৰ দেৱালসমূহত কেববিৰোধী শ্ল’গান দেখা গৈছে।

শ্ল’গানসমূহ পোনপটীয়াকৈ কেববিৰোধী: No CAB, Oppose CAB (।)

দেৱালসমূহ মাত্ৰ দুই-এদিন পূৰ্বে নতুন ৰঙেৰে সজোৱা হৈছিল। কৰ্তৃপক্ষই দুপৰীয়ালৈকে দেৱালসমূহৰ শ্ল’গানসমূহ মচি পেলোৱা দেখা গৈছে।

মোদী আৰু জাপানৰ প্ৰধান মন্ত্ৰী আবেৰ সম্ভাৱ্য গুৱাহাটী আগমন উপলক্ষে অসম চৰকাৰে এই পদক্ষেপ লোৱা বুলি বাতৰিত প্ৰকাশ।

গুৱাহাটীৰ দেৱালসমূহৰ এই ৰূপত অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

“পৈশাচিক আনন্দ নে গণতান্ত্ৰিক প্ৰতিবাদ? গুৱাহাটীৰ সদ্য পৰিস্কৃত পকী দেৱালৰ ওপৰত ‘কেব’ বিৰোধী শ্লোগানৰ আক্ৰমণৰ দৃশ্য,” মন্ত্ৰী শৰ্মাৰ টুইট।

সদৌ অসম চুতীয়া ছাত্ৰ সন্থা আৰু সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই আহ্বান কৰা সোমবাৰৰ বন্ধলৈ আন কিছু সংগঠনেও সমৰ্থন আগবঢ়াইছে।

লোক সভাত বিৰোধীৰ ব্যাপক প্ৰতিবাদৰ মাজত গৃহ মন্ত্ৰী অমিত শ্বাহে বিধেয়কখন ইতিমধ্যে উত্থাপন কৰিছে।

বিধেয়কখনৰ বিৰুদ্ধে মূলতঃ অসম তথা উত্তৰ-পূব ভাৰততহে ধাৰাবাহিক প্ৰতিবাদ হৈ আছে যদিও সদনত বহুকেইটা দলে কেবৰ বিৰুদ্ধে অৱস্থান লৈছে।

বিধেয়কখনক “ভাৰতীয় সংবিধান” আৰু “ধৰ্মনিৰপেক্ষতা”ৰ বিৰোধী আৰু “বিভাজনমূলক” বুলি বিৰোধী দলসমূহে অভিহিত কৰিছে।

বিধেয়কখনৰ উদ্যোগ লোৱা শাসক দল বিজেপিৰ নিম্ন সদনত পূৰ্ণ সংখ্যাগৰিষ্ঠতা আছে।

দলটোৱে তেওঁলোকৰ সকলো সাংসদকে সদনত উপস্থিত থকাৰ বাবে হুইপ জাৰি কৰিছে।

বিজেপিৰ সংসদীয় উপ দলপতি ৰাজনাথ সিঙে বিধেয়কখন জম্মু-কাশ্মীৰ বিষয়ক ভাৰতীয় সংবিধানৰ ৩৭০নং অনুচ্ছেদ “বাতিল”ৰ দৰেই গুৰুত্বপূৰ্ণ বুলি কিছুদিন পূৰ্বে দলৰ সকলো সাংসদলৈকে বাৰ্তা দিয়া বুলি বাতৰিত প্ৰকাশ।

লোক সভাৰ পিছত মঙলবাৰে ৰাজ্য সভাত বিধেয়কখন উত্থাপন কৰাৰ কথা।

ৰাজ্য সভাতো শাসকীয় পক্ষ বিজেপি সৰ্বাধিক সদস্য (৮৩) থকা দল।

বিজেপিৰ সদ্য বিচ্ছেদিত মিত্ৰ শিৱসেনাই বিধেয়কখন সমৰ্থন কৰিব বুলি প্ৰকাশ কৰিছে।

সোমবাৰে উত্থাপিত বিধেয়কখন পূৰ্বৰখনতকৈ কিছু সালসলনি কৰা হৈছে।

২০১৬ চনত তদানীন্তন গৃহ মন্ত্ৰী ৰাজনাথ সিঙে প্ৰথমবাৰৰ বাবে নাগৰিকত্ব বিধেয়ক, ২০১৬ উত্থাপন কৰিছিল।

বিজেপি নেতৃত্বাধীন যোৱা চৰকাৰৰ কাৰ্য্যকালত লোক সভাত বিধেয়কখন গৃহীত হৈছিল যদিও অন্তিম মুহূৰ্তত ইয়াক উচ্চ সদনত দাখিল কৰা হোৱা নাছিল।