NORTHEAST NOW (Assamese)
অসম

সোণোৱালৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি বিজেপি ত্যাগ প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 13, 2019 11:26 am
Jagadish Bhuyan

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞাই আজি বিজেপিৰ পৰা পদত্যাগ কৰে। সমগ্ৰ ৰাজ্যতে চলি থকা নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাৰ প্ৰতি সমৰ্থন জনাইয়ে নেতাগৰাকীয়ে আজি দলটোৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰে।

অসম পেট্ৰ কেমিকেল লিমিটেডৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ভূঞাই জাতিৰ বিপদৰ সময়ত তথা সংকটৰ সময়ত ৰাইজৰ কাষত থিয় দিয়াৰ উদ্দেশ্যৰে এই সিদ্ধান্ত ল”বলৈ বাধ্য হয় বুলি জনায়।

জানিব পৰা মতে তেওঁ আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক পত্ৰযোগে বিজেপি ত্যাগৰ কথা জনাব। লগতে অসম পেট্ৰ কেমিকেল লিমিটেডৰ অধ্যক্ষৰ পদৰ পৰাও শীঘ্ৰে পদত্যাগ কৰিব।

উল্লেখ্য যে অসম আন্দোলনত সক্ৰিয় ভুমিকা লোৱা জগদীশ ভূঞাই তিনিচুকীয়া জিলাৰ শদিয়া সমষ্টিৰ পৰা দুবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। তেওঁ ১৯৯৮-২০০১ লৈ প্ৰফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগৰ মন্ত্ৰী আছিল।