NORTHEAST NOW (Assamese)
অসম

চামগুৰিত জ্যেষ্ঠ সাংবাদিক পৰাগমণি আদিত্যক আৰোহন বঁটা প্ৰদান

Posted by: ভাৰ্গব হাজৰিকা Updated by: ভাৰ্গব হাজৰিকা January 2, 2020 11:37 am
20191231_190432

নগাঁৱৰ চামগুৰিৰ জ্যেষ্ঠ সাংবাদিক পৰাগমণি আদিত্যক আগবঢ়োৱা হ’ল ২০১৯-২০২০ বৰ্ষৰ আৰোহণ বঁটা।

প্ৰায় দুটা দশক পূৰ্বে “অসমীয়া প্ৰতিদিন” কাকতৰ জৰিয়তে সংবাদ সেৱা আৰম্ভ কৰা জ্যেষ্ঠ সাংবাদিক পৰাগমণি আদিত্যক মঙলবাৰে নিশা নগাঁও জিলাৰ চামগুৰিৰ চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত চিৰঞ্জীৱ থিয়েটাৰৰ মঞ্চত এই বঁটা প্ৰদান কৰে।

বঁটাত আছিল এখন গামোচা, এখন শৰাই, এটা স্মাৰক আৰু এখন সম্বৰ্ধনা পত্ৰ। নিজৰেই জন্মস্থান নগাঁৱৰ চামগুৰিত বঁটা গ্ৰহন কৰি উৎফুল্লিত হৈ পৰে জ্যেষ্ঠ সাংবাদিক গৰাকী।

উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আন্দোলন কৰি প্ৰাণ আহুতি দিয়া পাঁচ গৰাকী তৰুণ চহিদৰ নামত এই বঁটা উৎসৰ্গা কৰে জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে।

বিশিষ্ট সাংবাদিক পৰাগমণি আদিত্যই বৰ্তমান সম্পাদক হিচাপে সংবাদ সেৱা আগবঢ়াই থকা “টাইম এইট”-ৰ পূৰ্বে বহু কেইখন অসমীয়া বাতৰি কাকত আৰু ব্যক্তিগত চেটেলাইট নিউজ চেনেলৰ সৈতে জড়িত থাকি বলিষ্ঠ ভাৱে সেৱা আগবঢ়াই আহিছে।