NORTHEAST NOW (Assamese)
Popular Stories

তিৰ্পালৰ লিক মাৰিব নোৱৰা এইখন চৰকাৰে গুৱাহাটীক ক্ৰীড়াৰ ৰাজধানী বনাব : তৰুণ গগৈ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 6, 2020 5:12 pm
Citizenship bill: Former Assam CM Tarun Gogoi slams HM Amit Shah

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে আজি গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি বৰ্তমানৰ বিজেপি চকৰকাৰ আৰু অসম ক্ৰিকেট সন্থাই চূড়ান্ত দায়িত্বজ্ঞানহীন কাণ্ডৰে ‘অসমক বিশ্ববাসীৰ আগত লজ্জানত কৰিলে’ বুলি মন্তব্য কৰে।

তৰুণ গগৈয়ে দেওবাৰে বৰ্ষাপাৰাত আয়োজিত ভাৰত-শ্ৰীলংকাৰ মাজৰ খেলৰ ঘটনাৰ বাবে অসম ক্ৰিকেট সন্থাক ক্ষমা খোজাৰ দাবী জনোৱাৰ লগতে এই ঘটনাৰ এক তদন্তৰ পোষকতা কৰে।

বিজেপি চৰকাৰক সমালোচনা কৰি তেওঁ কয়, ‘তিৰ্পালৰ লিক মাৰিব নোৱৰা এইখন চৰকাৰে গুৱাহাটীক ক্ৰীড়াৰ ৰাজধানী বনোৱাৰ কথা কয়।‘

তেওঁ লগতে কয়, ‘সোণোৱাল চৰকাৰে আজিলৈকে অসমত এখনো ভাল ষ্টেডিয়াম নিৰ্মাণ কৰিব নোৱাৰিলে। স্পৰ্টছ কেপিটেল পাতিম বুলি কোৱা মুখ্য মন্ত্ৰীয়ে ষ্টেডিয়াম নিৰ্মাণ কৰক।’

উল্লেখযোগ্য যে দেওবাৰে বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰত-শ্ৰীলংকাৰ মাজত T-20 শৃংখলাৰ প্ৰথমখন খেল আছিল। কিন্তু এজাক বৰষুণৰ পিছতে তিৰ্পালেৰে ঢকা হৈছিল যদিও পানী সোমাই পিটছখন সেমেকি গৈছিল।

ইয়াৰ পিছত অসমক ক্ৰিকেট সন্থাই হেয়াৰ ড্ৰায়াৰ, ঘৰ চাফা কৰা ভেকুৱাম ক্লিনাৰ আৰু ইস্ত্ৰি ব্যৱহাৰ কৰি পিটছখন শুকুৱাবলৈ চেষ্টা চলোৱা দৃশ্যই বিশ্বৰ আগত অসমক হাঁহিয়াতৰ পাত্ৰ কৰি তোলে।