NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত ২০ লাখ টকাৰ ব্ৰাউন ছুগাৰসহ নাগালেণ্ডৰ মহিলাক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 12, 2020 5:17 pm
drugs-570x320

মহানগৰ আৰক্ষীয়ে শনিবাৰে গুৱাহাটীৰ পল্টন বজাৰত ড্ৰাগছসহ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে। ড্ৰাগছখিনিৰ মূল্য প্ৰায় ২০ লাখ টকা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।

শনিবাৰে পুৱা পল্টন বজাৰৰ বাটা শ্ব’ৰূমৰ সমীপত এগৰাকী মহিলাই ড্ৰাগছৰ যোগান ধৰিবলৈ অহা বুলি গোপন সূত্ৰৰ পৰা খবৰ লাভ কৰাৰ পিছতে আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰসহ মহিলা গৰাকীক আটক কৰে।

ড্ৰাগছ সৰবৰাহকাৰী মহিলা গৰাকীক কোহিমাৰ ভেলাজলু ওৰফে আছালী (৩২) বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে তেওঁৰ পৰা ২৭০ গ্ৰাম ব্ৰাউন ছুগাৰ উদ্ধাৰ কৰে। ১৯টা চাবুনৰ কেচত ব্ৰাউন ছুগাৰখিনি ভৰাই অনা হৈছিল।

আৰক্ষীৰ সূত্ৰৰ মতে মহিলা গৰাকীয়ে ব্ৰাউন ছুগাৰখিনি অসমত বেছিবলৈ ডিমাপুৰৰ পৰা গুৱাহাটীলৈ লৈ আনিছিল। অধিক তথ্যৰ বাবে বৰ্তমান অসম আৰক্ষীয়ে তেওঁক জেৰা চলাই আছে।