NORTHEAST NOW (Assamese)
অসম

দেশৰ ৭২ সংখ্যক সেনা দিৱসত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ যুঁজাৰ সংকল্প স্থল সেনা প্ৰধানৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 15, 2020 4:06 pm
army-day

আজি সমগ্ৰ দেশতে ৭২ সংখ্যক সেনা দিৱস পালন কৰা হয়। সেনা দিৱস উপলক্ষ্যে দেশৰ বিভিন্ন স্থানৰ লগতে সেনা চাউনী সমূহতো পৃথক পৃথক কাৰ্য্যসূচীৰে সেনা দিৱস পালন কৰা হয়।

৭২ সংখ্যক সেনা দিৱসত দেশৰ সেনা জোৱানক সকলক সম্বোধন কৰি স্থল সেনা প্ৰধান মনোজ মুকুণ্ড নাৰৱানে জম্মু-কাশ্মীৰৰ প্ৰসংগতো নিজৰ মত ব্যক্ত কৰে।

‘‘জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰাটো এক ঐতিহাসিক পদক্ষেপ। ইয়াৰ দ্বাৰা জম্মু-কাশ্মীৰক দেশৰ মুখ্য ধাৰৰ সৈতে সংযোগ কৰাত সহায়ক হ’ব,’’ সেনা প্ৰধান নাৰৱানে কয়।

তদুপৰি, নৰাৱানে সন্ত্ৰাসবাদৰ বিৰুদ্ধে সমগ্ৰ দেশে এক গোট হৈ যুঁজ দিব লাগিব বুলিও মত ব্যক্ত কৰি সেনা জোৱান সকলে কিদৰে সৰ্বোচ্চ ত্যাগ কৰি নিজৰ কৰ্তব্য পালন কৰি আছে সেই সম্বন্ধে মতামত দাঙি ধৰে।

ভাৰতৰ ব্ৰিটিছ কামাণ্ডাৰ-ইন-চীফ ছাৰ ফ্ৰান্সিছ বাটছাৰৰ পৰা ভাৰতীয় সেনাৰ প্ৰথম কামাণ্ডাৰ-ইন-চীপ হিচাপে ১৯৪৯ চনৰ ১৫ জানুৱাৰিত দায়িত্বভাৰ গ্ৰহণ কৰিছিল ফিল্ড মাৰ্ছাল কোদান্দেৰা এম চাৰিপ্পাই আৰু উক্ত স্মৃতিক স্মৰণীয় কৰি ৰখাৰ উদ্দেশ্যে প্ৰতিবছৰে ১৫ জানুৱাৰিৰ দিনটো ভাৰতত সেনা দিৱস হিচাপে পালন কৰি অহা হৈছে।