NORTHEAST NOW (Assamese)
Popular Stories

শান্তি প্ৰতিষ্ঠাৰ স্বাৰ্থত কেন্দ্ৰৰে যুদ্ধবিৰতি চুক্তিত স্বাক্ষৰ এন ডি এফ বি (এছ)ৰ

Posted by: ৰিনয় বসুমতাৰী Updated by: ৰিনয় বসুমতাৰী January 17, 2020 10:32 am
1-9-750x375

বড়োভূমিত শান্তি প্ৰতিষ্ঠাৰ স্বাৰ্থত মূলসুঁতিলৈ উভতি অহা সশস্ত্ৰ সংগঠন এন ডি এফ বি (এছ)এ বৃহস্পতিবাৰে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে ত্ৰিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰে।

এই উদ্দেশ্যে এন ডি এফ বি (এছ)ৰ সভাপতি বি চাওৰাইগৱৰাই নতুন দিল্লীত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাত মিলিত হৈ যুদ্ধবিৰতি চুক্তিত স্বাক্ষৰ কৰে।

স্বাক্ষৰিত চুক্তি অনুসৰি এতিয়াৰে পৰা এন ডি এফ বি (এছ)এ কোনো ধৰণৰ হিংসাত্মক কাৰ্যকলাপ সংঘটিত কৰিব নোৱাৰিব আৰু ঠিক সেইদৰে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰেও এই সংগঠনটোৰ বিৰুদ্ধে কোনো ধৰণৰ অভিযান চলাব নোৱাৰিব।

চুক্তিত কেন্দ্ৰীয় চৰকাৰৰ হৈ গৃহ মন্ত্ৰ্যালয়ৰ উত্তৰ-পূবৰ দায়িত্বত থকা যুটীয়া সঞ্চালক সত্যেন্দ্ৰ গাৰ্গ, অসম চৰকাৰৰ হৈ গৃহ বিভাগৰ আয়ুক্ত সচিব আশুতোষ অগ্নিহোত্ৰী আৰু এন ডি এফ বি (এছ)ৰ সভাপতি বি চাওৰাইৱৰাই স্বাক্ষৰ কৰে।

চুক্তিৰ সময়ছোৱাত এন ডি এফ বি(এছ)ৰ সম্পাদক বি আৰ ফেৰেংগা, দুয়োজন মধ্যস্থতাকাৰী ক্ৰমে ৰাজকুমাৰ পৃথিৰাজ নাৰায়ণ দেৱ মেচ আৰু থুলংগা বসুমতাৰীও উপস্থিত থাকে।

জানিব পৰা মতে, গৃহ মন্ত্ৰ্যালয়ে শান্তিচুক্তিৰ বাবে এখন খচৰা প্ৰস্তুত কৰি আছে, য’ত সশস্ত্ৰ বিদ্ৰোহী সংগঠনটোৰ তিনিটা গোটক (faction) জড়িত কৰা হৈছে।

হিংসা পৰিহাৰ কৰি শান্তি প্ৰক্ৰিয়াত যোগ দিয়াৰ সিদ্ধান্তৰে এন ডি এফ বিৰ চাওৰাইগৱৰা গোটৰ প্ৰায় ৫০জনীয়া সদস্যৰ এটা দল ম্যানমাৰৰ পৰা অসমত আহি উপস্থিত হৈছে।

কেডাৰসকলক নাগালেণ্ডৰ মন জিলাৰ মাজেৰে মুক্তভাৱে আহিবলৈ দিয়া হয় আৰু তেওঁলোকক এতিয়া নামনি অসমৰ এটা সেনা নিৱাসত ৰখা হৈছে।

চাওৰাইগৱৰা গোটটো হ’ল নতুন দিল্লীৰ সৈতে শান্তি আলোচনাত থকা এন ডি এফ বিৰ তৃতীয়টো গোট।

ইয়াৰ পূৰ্বে, ২০০৫ চনত এন ডি এফ বিৰ প্ৰগ্ৰেছিভ গোটটোৱে নতুন দিল্লীৰ সৈতে শান্তিচুক্তিত স্বাক্ষৰ কৰিছিল।