NORTHEAST NOW (Assamese)
অসম

এন ডি এফ বি (সং)ক আলোচনালৈ অহাৰ আহ্বান আৰক্ষী সঞ্চালক প্ৰধানৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া January 17, 2020 5:53 pm
Assam DGP

কেন্দ্ৰৰ সৈতে ১৬ জানুৱাৰিত যুদ্ধ বিৰতিৰ চুক্তিত স্বাক্ষৰ কৰিছে ৰাজ্যৰ অন্যতম বড়ো বিদ্ৰোহী সংগঠন এন ডি এফ বিৰ চাওৰাইগৌৰা গোটে।

বিদ্ৰোহী সংগঠনটোৰ চাওৰাইগৌৰা গোটে যুদ্ধ বিৰতি চুক্তিত স্বাক্ষৰ কৰা প্ৰসংগত আজি উলুবাৰিস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত এখন সংবাদ মেল সম্বোধন কৰে অসম আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই।

‘‘বিদ্ৰোহী সংগঠনটোৰ সভাপতি অমৰ বসুমতাৰী আৰু তেওঁৰ লগৰ ২৭ জন বিষয়ববীয়া মূলসুঁতিলৈ ঘূৰি আহিছে। তেওঁলোকক আদৰণি জনাইছো। অতি শীঘ্ৰে এক চুক্তি স্বাক্ষৰ হ’ব। সাধাৰণ সম্পাদক ৰঞ্জিত বসুমতাৰী ওৰফে বি ফেৰেঙ্গা, বি দৈমালো (বিত্ত সম্পাদক) মূলসুঁতিলৈ উভতি আহিছে,’’ ভাস্কৰ জ্যোতি মহন্তই কয়।

সকলোৱে বুজা পৰাৰ মাধ্যমেৰে শান্তি প্ৰক্ৰিয়াক আগবঢ়াই নিব লাগিব বুলি মন্তব্য কৰি আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে এন ডি এফ বিৰ সংবিজিত গোটকো মূলসুঁতিলৈ উভতি অহাৰ বাবে আহ্বান জনায়।

আনহাতে,  আজিৰ তাৰিখত এন ডি এফ বি বিৰোধী আলোচনা প্ৰায় নাই বুলিয়ে ক’ব পাৰি বুলি উল্লেখ কৰি মহন্তই এতিয়াও চাওৰাইগৌৰা গোটৰ দুজন কেডাৰে চুক্তিত স্বাক্ষৰ কৰিবলৈ বাকী আছে বুলি কয়।

কেডাৰ দুগৰাকীৰ সৈতে বৰ্তমানো যোগাযোগ অব্যাহত ৰখা হৈছে বুলি জানিবলৈ দিয়ে মহন্তই।

এতিয়াও মূলসুঁতিলৈ উভতি নহা কেডাৰ দুগৰাকী হ’ল ক্ৰমে কে বাথা আৰু জি বিদায়।