NORTHEAST NOW (Assamese)
অসম

সাংবাদিক সুদীপ দত্ত ভৌমিক হত্যাকাণ্ড : কমাণ্ডেণ্ট  তপন দেৱবৰ্মাক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ ব্যুৰো, ত্ৰিপুৰা : November 22, 2017 7:09 am
Reporter Protest

ত্ৰিপুৰাৰ সাংবাদিক সুদীপ দত্ত ভৌমিকক  হত্যাৰ  সন্দৰ্ভত টি এছ আৰ দ্বিতীয় বেটেলিয়নৰ কমাণ্ডেণ্ট  তপন দেৱবৰ্মাক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।  ত্ৰিপুৰা চৰকাৰে ঘটনাটো তদন্ত কৰিবৰ বাবে চি বি আইক দায়িত্ব অৰ্পণ কৰিছে। উল্লেখযোগ্য যে মঙলবাৰে সংবাদ সংগ্ৰহ কৰিবলৈ যোৱা চেন্দন পত্ৰিকাৰ সাংবাদিক সুদীপ দত্ত ভৌমিকক তপন দেৱবৰ্মাৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী নন্দগোপাল ৰিয়ানে গুলীয়াই হত্যা কৰিছিল।

আনহাতে সাংবাদিকজনৰ হত্যাৰ প্ৰতিবাদত আজি ইণ্ডিয়ান ৰিপ’ৰ্টাৰ্ছ এছ’চিয়েচনে গুৱাহাটীৰ যোৰাবাটত প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদী কাৰ্য্যসূচীত আছু আৰু  জাৰ্নেলিষ্ট ইউনিয়নেও অংশগ্ৰহণ কৰে। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহেৰে এই প্ৰতিবাদ সাৰ্ব্যস্ত কৰি টি. এছ. আৰ জোৱান জনক গ্ৰেপ্তাৰ কৰিবলৈ প্ৰতিবাদকাৰীসকলে দাবী জনায়।