NORTHEAST NOW (Assamese)
Popular Stories

টেষ্ট ক্ৰিকেটত ৫ লাখ ৰান; কোনে গঢ়িলে এই আকৰ্ষণীয় বিশ্ব অভিলেখ?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 25, 2020 6:11 pm
Cricket Eng

টেষ্ট ক্ৰিকেটত ৫০০০০০ ৰান কৰা বিশ্বৰ প্ৰথমটো দল হিচাপে পৰিগণিত হৈছে ইংলেণ্ড।

জোহাঞ্চবাৰ্গত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা শৃংখলাৰ চতুৰ্থখন টেষ্টত ইংলেণ্ড এই অভিলেখ গঢ়িবলৈ সক্ষম হয়।

ইংলেণ্ড ক্ৰিকেট দলটোৱে নিজৰ ১০২২ সংখ্যক টেষ্ট ম্যেচত এই কৃতিত্ব গঢ়িবলৈ সক্ষম হয়।

এইক্ষেত্ৰত ৮৩০ খন টেষ্টত ৪,৩২,৭০৬ ৰান আৰু ৫৪০ খন টেষ্টত ২,৭৩,৫১৮ ৰান সংগ্ৰহ কৰি অষ্ট্ৰেলিয়া আৰু ভাৰত ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত আছে।

২,৭০,৪৪১ ৰানেৰে ৱেষ্টইণ্ডিজে চতুৰ্থ স্থান অধিকাৰ কৰি আছে।

দক্ষিণ আফ্ৰিকা আৰু ইংলেণ্ডৰ মাজত চলি থকা টেষ্ট শৃংখলাৰ চতুৰ্থখন টেষ্টত বেয়া ব্যৱহাৰৰ বাবে সমালোচনাৰ সন্মুখিন হৈছে ইংলেণ্ডৰ অলৰাউণ্ডাৰ বেন ষ্টোক।

বেটিঙত মাত্ৰ দুই ৰান কৰি আউট হোৱা ষ্টোকে বলিঙৰ সময়ত বেটছমেনক উদ্দেশ্যি বেয়া মন্তব্য কৰিছিল আৰু ষ্টাম্প মাইকত সেই মন্তব্য ৰেকৰ্ড হৈছিল।

উল্লেখযোগ্য যে, ইংলেণ্ডত প্ৰথম টেষ্ট ক্ৰিকেটৰ জন্ম হৈছিল। ইংলেণ্ডত জন্মলাভ কৰা ক্ৰিকেট খেল পৰৱৰ্তী সময়ত ভাৰতৰ লগতে এছিয়া আৰু অষ্ট্ৰেলিয়া আৰু আফ্ৰিকা মহাদেশৰ বিভিন্ন প্ৰান্তলৈ প্ৰচাৰিত হৈছিল।