NORTHEAST NOW (Assamese)
Popular Stories

স্পেচিয়েল বিৰিয়ানিৰ ঠাইত আহিল চাম্বাৰ ৰাইচ; কমপ্লেইন দি ওলোটাই ভৰিলে ৫০,০০০ টকা

Posted by: এন ই নাও নিউজ February 13, 2020 2:31 pm
biryani-rep-image

হাইদৰাবাদৰ এগৰাকী ছফ্টৱেৰ কৰ্মচাৰীয়ে অনলাইনযোগে খাদ্যৰ অৰ্ডাৰ দি ৫০ হাজাৰ টকা লোকচান হোৱা ঘটনাই সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

যোৱা দেওবাৰে কৰ্মচাৰীজনে জমেট’ নামৰ এপৰ জৰিয়তে স্পেচিয়েল চিকেন বিৰিয়ানি অৰ্ডাৰ দিছিল। কৰ্মচাৰীজনে বিৰিয়ানিৰ পৰিৱৰ্তে লাভ কৰে চাম্বাৰ ৰাইচ।

অৰ্ডাৰ খেলিমেলি হোৱা বাবে লোকজনে ইণ্টাৰনেটত কাষ্টমাৰ কেয়াৰৰ নম্বৰ বিচাৰিবলৈ ধৰে। গুগলত এটা নম্বৰ বিচাৰি পোৱাত তেওঁৰ সৈতে হোৱা খেলি মেলিৰ বিষয়ে জনায়। কিন্তু প্ৰকৃততে জমেট’ৰ কোনো ধৰণৰ কাষ্টমাৰ কেয়াৰ নম্বৰ নাই।

গ্ৰাহকজনৰ সকলো কথা শুনি ভুৱা কাষ্টমাৰ কেয়াৰ চাৰ্ভিছটোৱে ক্ষমা খোজাৰ লগতে তেওঁৰ পইচা ঘূৰাই দিয়া হ’ব বুলিও জনায়।

ইয়াৰ পিছতে ‘কাষ্টমাৰ কেয়াৰ এক্সিকিউটিভে’ লোকজনক এটা ‘কিউ আৰ’ লিংক চেয়াৰ কৰে আৰু পে টি এম একাউণ্টৰ জৰিয়তে স্কেন কৰি গ্ৰাহকজনে টকাটো ঘূৰাই পাব বুলি জনায়।

গ্ৰাহকজনে লগে লগে কিউ আৰ কোডটো স্কেন কৰাত ধন ঘূৰাই পোৱাৰ বিপৰীতে তেওঁৰ একাউণ্টৰ পৰা ৫০ হাজাৰ টকা দুষ্ট চক্ৰটোৱে কাটিহে লৈ যায়। এই কথা জনায় হাইদৰাবাদ চাইবাৰ ক্ৰাইম এচিষ্টেণ্ট কমিশ্যনাৰ অব পুলিচ কেভিএম প্ৰসাদে জনায়।

আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৪২০ আৰু ৬৬ ডি আই টি এক্টৰ অধীনত এটা গোচৰ ৰুজু কৰিছে আৰু বৰ্তমান চক্ৰটোৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে বুলি জনাইছে।

ইফালে এই ঘটনাটো সংঘটিত হোৱাৰ পিছতে জমেট’ৰ ফালৰ পৰা তাৎক্ষণিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গ্ৰাহকসকলক জমেট’ কাষ্টমাৰ কেয়াৰ নম্বৰ নিবিচাৰিবলৈ আহ্বান জনাইছে।