NORTHEAST NOW (Assamese)
অসম

৬ নং দফা পৰামৰ্শ কমিটীৰ প্ৰতিবেদন এতিয়াও ৰাজহুৱা হোৱা নাই; সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি “ভুৱা আৰু উদ্দেশ্যপ্ৰণোদিত” আখ্যা বিজেপিৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া February 21, 2020 8:12 pm
Rupam Goswami

ছয় নং দফা ৰূপায়ণৰ পৰামৰ্শ দিয়াৰ বাবে গঠিত উচ্চস্তৰীয় কমিটীৰ প্ৰতিবেদনৰ পৰামৰ্শাৱলী বৰ্তমানো ৰাজহুৱা হোৱা নাই আৰু সংবাদ মাধ্যমে এই বিষয়ে ভুৱা আৰু উদ্দেশ্য প্ৰণোদিত বাতৰি দি আছে বুলি আজি অভিযোগ কৰিছে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে।

“প্ৰতিবেদনত উল্লেখ থকা পৰামৰ্শাৱলী সম্পৰ্কে যিসমূহ খবৰ প্ৰকাশ পাইছে সেইবোৰ সম্পূৰ্ণ ভুৱা আৰু সত্যৰ ওপৰত আধাৰিত নহয়”, হেঙেৰাবাৰীস্থিত কাৰ্য্যালয়ত এখন সংবাদমেলত গোস্বামীৰ মন্তব্য।

গোপন প্ৰতিবেদনৰ কথা কেনেকৈ গম পালে বা ৰাজহুৱা হ’ল বুলিও প্ৰশ্ন কৰে মুখপাত্ৰজনে।

“এক ধাৰণাৰ আধাৰত এই প্ৰচাৰবোৰ চলোৱা হৈছে। আমি অসমীয়া জাতিটো ধাৰণাৰ আধাৰতে চলিম নেকি?”, গোস্বামীয়ে কয়।

তদুপৰি তেওঁ কয় যে যোৱা ১৫ ফেব্ৰুৱাৰিত কমিটীৰ অধ্যক্ষ বিপ্লৱ শৰ্মাই কেন্দ্ৰীয় গৃহ মন্ত্ৰীক সাক্ষাতৰ বাবে দিল্লীলৈ গৈ নিৰাশ হোৱা বুলি যি বাতৰি ওলাইছে, সেয়াও সম্পূৰ্ণ ভিত্তিহীন।

“যোৱা ১১ ফেব্ৰুৱাৰিত কমিটীৰ অধ্যক্ষ বিপ্লৱ শৰ্মা তেওঁৰ ব্যক্তিগত কামত দিল্লীলৈ গৈছিল। সেই সময়ত অৰ্থাৎ ১৩ ফেব্ৰুৱাৰিত এই সমিতিৰ সদস্য সচিব সত্যেন গাৰ্গে ফোন কৰাত শৰ্মাই অনানুষ্ঠানিকভাৱে তেওঁক সাক্ষাৎ কৰিছিল। ইয়াক লৈ অপপ্ৰচাৰ চলাৰ পাছতে কমিটিৰ অধ্যক্ষ বিপ্লৱ কুমাৰ শৰ্মাক যোগাযোগ কৰাত তেওঁ আমাক এইদৰে জনাইছিল”, দাবী বিজেপিৰ মুখপাত্ৰজনৰ।

এনে ধৰণৰ অপপ্ৰচাৰ প্ৰায়ে অসমত হৈ থকা বুলি সদৰী কৰি গোস্বামীয়ে লগতে কয়, “ইয়াৰ পূৰ্বে নাগালিমৰ ক্ষেত্ৰত অপপ্ৰচাৰ চলোৱা হৈছিল যে শিৱসাগৰৰ কেইখনমান গাওঁ বা অঞ্চল নাগালিমৰ অন্তৰ্ভুক্ত হৈ গ’ল। ‘কা’ৰ ক্ষেত্ৰটো আঢ়ৈ কোটি, ৩ কোটি মানুহ নতুনকৈ আহিব বুলি অপপ্ৰচাৰ চলালে।”

ইপিনে, এই অপপ্ৰচাৰ চলাৰ পাছতে ড০ নগেন শইকীয়া, ড০ হীৰেন গোহাঁই, অৰূপ বৰবৰুৱাকে আদি কৰি বিশিষ্ট ব্যক্তিয়ে এই মিছা কথাটোকে ভিত্তি কৰি “গৰিহণা” দিলে বুলি উল্লেখ কৰে গোস্বামীয়ে।

তেওঁৰ কটাক্ষপূৰ্ণ মন্তব্য, “আমি বদনবোৰক চিনাক্ত কৰিব লাগে। এতিয়াও বহু বদন অসমত আছে, সেই সকলক অতি সোনকালে অসমৰ ৰাইজক চিনাক্ত কৰিবলৈ আহ্বান জনাইছো। ৩৫ বছৰে এই ৬ নং দফাৰ কোনো এটা কাম নকৰোতে এই বদনসকলে মাত মাতিবলৈ সময় পোৱা নাছিল নেকি? বদনৰ মাজৰে কেইজনমান সাংসদো হৈছিল”।

উল্লেখ কৰিব পাৰি যে সংবাদ মাধ্যমত কমিটীয়ে নতুন দিল্লীত প্ৰতিবেদন দাখিল কৰিবলৈ গৈ গৃহ মন্ত্ৰী অমিত শ্বাহৰ সাক্ষাৎ নাপালে বুলি বাতৰি প্ৰকাশ হৈছিল। লগতে কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ দ্বাৰা উপেক্ষিত হৈ মুখ্য মন্ত্ৰী সোণোৱালকে প্ৰতিবেদন দাখিল কৰাৰ সিদ্ধান্ত বুলিও বাতৰিত প্ৰকাশ।