NORTHEAST NOW (Assamese)
অসম

সন্দেহজনক লোকৰ বসতিক কেন্দ্ৰ কৰি নিশা উত্তপ্ত নগাঁৱৰ বালিজুৰি; পৰিস্থিতি নিয়ন্ত্ৰণ আৰক্ষীৰ

Posted by: ভাৰ্গব হাজৰিকা Updated by: ভাৰ্গব হাজৰিকা February 22, 2020 8:32 am
Nagaon Story

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত তথা বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত বালিজুৰিত বসতি স্থাপন কৰা একাংশ সন্দেহযুক্ত লোকক কেন্দ্ৰ কৰি শুকুৰবাৰে নিশাৰ ভাগত এক উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হয়।

বহুসংখ্যক সন্দেহযুক্ত লোকে শুকুৰবাৰে বিয়লিৰ ভাগৰপৰা নিশাটোৰ ভিতৰত এখন পথাৰত বাসগৃহ নিৰ্মাণ কৰা ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোৰ স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰে।

সন্দেহযুক্ত লোকসকলৰ দলটোত অহা প্ৰায় কুৰিজন লোকে গৰু, ছাগলী, কুকুৰা আদি সহ যাৱতীয় সামগ্ৰীৰে নিশাটোৰ ভিতৰতে পথাৰখনত ঘৰ সজাবলৈ চেষ্টা চলোৱাত ওচৰ-পাজৰৰ গাঁৱৰ ৰাইজৰ মনত তেওঁলোক সন্দেহযুক্ত নাগৰিক বুলি সন্দেহ ঘনীভূত হয়।

অঞ্চলটোৰ স্থানীয় ৰাইজে একত্ৰিত হৈ সোধপোছ কৰাত সন্দেহজনক লোককেইজনে নিজৰ কোনো পৰিচয়-পত্ৰ তথা বৈধ নথি-পত্ৰ দেখুৱাব নোৱাৰিলে।

ইয়াৰ বিপৰীতে পুৰণিগুদামৰ চলচলিৰ নেকিব নামৰ এজন লোকে মানুহখিনিক সেই পথাৰখনত নিগাজীকৈ বহিবলৈ মৰিগাঁৱৰ লাহৰিঘাটৰ পৰা মাতি অনাৰ কথা স্পষ্ট কৰে বসতি স্থাপন কৰা সন্দেহজনক লোকসকলে।

এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত কিছু সময় ধৰি উত্তেজনাপূৰ্ণ পৰিস্থিতিয়ে বিৰাজ কৰে।

অৱশ্যে স্থানীয় একাংশ ৰাইজে সমগ্ৰ বিষয়টো ততাতৈয়াকৈ চামগুৰি আৰু পুৰণিগুদাম আৰক্ষীক অৱগত কৰিছিল যদিও ঘটনাস্থলীত বহু পলম কৈ উপস্থিত হোৱা পুৰণিগুদাম আৰক্ষী চকীৰ বিষয়া গৰাকীয়ে ঘটনাস্থলীৰ পৰিস্থিতি শান্ত কৰাৰ উপৰিও সন্দেহজনক লোক কেইজনৰ ভিতৰত মহিলাসহ প্ৰায় পাঁচ গৰাকী লোকক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।

আৰক্ষীৰ দলটোৱে পুৰণিগুদামৰ নেকিব নামৰ লোকজনৰ সন্ধানতো তদন্ত আৰম্ভ কৰা দেখা যায়।

আনহাতে পৰিস্থিতি উত্তেজনাপূৰ্ণ হোৱাৰ সময়ত আন কেইবাজনো সন্দেহজনক লোকে আন্ধাৰৰ সুযোগ লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় বুলি একাংশ স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।