NORTHEAST NOW (Assamese)
অসম

সোনাৰিবালিত বন ৰৌ উদ্ধাৰ; কিন্তু ৰাইজৰ মাজত কিয় ক’ৰোনাৰ আতংক?

Posted by: বিদ্যুৎজ্যোতি বৰা Updated by: বিদ্যুৎজ্যোতি বৰা February 28, 2020 11:52 am
index

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত সোনাৰিবালিত শুকুৰবাৰে পুৱা এটা দুষ্প্ৰাপ্য বন-ৰৌ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ক’ৰোনা ভাইৰাছ বাহক বুলি সৰ্বত্ৰে প্ৰচাৰ হোৱাৰ সময়তে আজি পুৱা প্ৰায় সাত মান বজাত সোনাৰিবালিৰ সাত নং ওৱাৰ্ডত এঘৰৰ বাৰীত স্থানীয় লোকে প্ৰত্যক্ষ কৰি চামগুৰি আৰক্ষীক খবৰ দিয়ে।

পিছত ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ বন-ৰৌটো উদ্ধাৰ কৰে।

পৰবৰ্তী সময়ত শালনা আঞ্চলিক বন কাৰ্যালয়ৰ অধীনৰ উদমাৰী খণ্ড বন কাৰ্যালয়ৰ বন কৰ্মীৰ দল এটি চামগুৰি থানাত উপস্থিত হৈ বন-ৰৌটো আৰক্ষীৰ পৰা চমজি লয়।

প্ৰায় সাত কেজি ওজনৰ বন-ৰৌটো চাপানলাত অৱস্থিত ছোৱাং সংৰক্ষিত  বনাঞ্চলত মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰে বুলি বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে।