NORTHEAST NOW (Assamese)
অসম

কলংকিত আই এফ এছ বিষয়াক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক নিযুক্তিৰ সম্ভাৱনাত উদ্বিগ্ন বন্যপ্ৰাণী কৰ্মী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 29, 2020 10:23 pm
Entrance-of-Kaziranga-National-Park Wildlife activists upset with possibilities of appointment of tainted IFS official as Kaziranga National Park director

অসমৰ বন্যপ্ৰাণী কৰ্মীসকলে আশংকা কৰিছে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এজন কলংকিত আই এফ এছ বিষয়াক সঞ্চালকৰূপে নিযুক্তি ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰটোত সংৰক্ষণৰ কামৰ প্ৰতি “ক্ষতিকাৰক” হ’ব পাৰে।

বাতৰি ওলাইছিল যে বন্যভূমিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰৰ পত্নীৰ বাঘ-সন্ধানী দুঃসাহসিক নৈশ চফৰৰ ফলত বিতৰ্কত সোমাই পৰা বিষয়াগৰাকীক বদলি কৰা হ’ব পাৰে।

কিন্তু, বন্যপ্ৰাণী কৰ্মীসকলে কয় যে ৰঞ্জন কুমাৰ দাসক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকৰূপে নিযুক্তিৰ সম্ভাৱনাৰ বাতৰি এক উদ্বিগ্নতাৰ কাৰণ।

২০০১ বৰ্ষৰ আই এফ এছ বিষয়া ৰঞ্জন কুমাৰ দাস সদা বিতৰ্কিত, আৰু তেওঁ উজনি অসমৰ কুখ্যাত হাতী চোৰাং বেপাৰী মুমতাজ ছিদ্দিকৰ সৈতে ঘনিষ্ঠ বুলি অভিযোগ আছে।

কলংকিত আই এফ এছ বিষয়াজনে শেহতীয়াকৈ গুজৰাটলৈ বহুকেইটা হাতী পৰিবহণত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল।

কলংকিত আই এফ এছ বিষয়াজনক ডিগবৈ বন সংমণ্ডলৰ ডি এফ অ’ থকা অৱস্থাত নিলম্বন কৰা হৈছিল।

তেওঁ মাফিয়াৰ সৈতে মিলি আপাৰ দিহিং ফৰেষ্ট ৰিজাৰ্ভৰ শিল, বালি আৰু বহু মূল্যৱান গছকে আদি কৰি বন সম্পদ লুটত অভিযুক্ত আছিল।

বাতৰি আছে যে ৰঞ্জন কুমাৰ দাস শোণিতপুৰ জিলাত নিযুক্ত থাকোতেও নিলম্বিত হৈছিল।

ৰঞ্জন কুমাৰ দাসৰ ভায়েক গোলাঘাট বন সংমণ্ডলৰ ডি এফ অ’ ৰাজীৱ কুমাৰ দাস ২০১৮ চনৰ আগষ্টত বি আই ই অ’ (Bureau of Investigation of Economic Offences)ৰ হাতত গুৱাহাটীত গ্ৰেপ্তাৰ হৈছিল।

অভিযোগমতে কলংকিত আই এফ এছ বিষয়াজনৰ ভায়েক দৈগ্ৰোং নৈৰ বালি খন্দা কেলেংকাৰিত অভিযুক্ত আছিল, আৰু প্ৰায় চাৰি মাহৰ বাবে পলাতক আছিল।

ৰাজীৱ কুমাৰ দাস দৌগ্ৰোং নৈৰ বালি মহল অবৈধভাৱে চলোৱাৰ নকল চালান আৰু পৰিবহণ অনুমতি দিয়াৰ অভিযোগত আব্দুল হাছমত নামৰ এজন ঠিকাদাৰৰ সৈতে ধৰা পৰিছিল।

“যদি তেওঁক (ৰঞ্জন কুমাৰ দাস) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক নিযুক্তি দিয়া হয়, তেন্তে সকলো সংৰক্ষণজনিত প্ৰকল্প বিফল হ’বগৈ,” এজন বন্যপ্ৰাণী কৰ্মীয়ে কয়।

বন্যপ্ৰাণী কৰ্মীসকলে কয় যে পি শিৱকুমাৰ এজন ভাল আৰু গতিশীল বিষয়া, আৰু তেওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিচালনাৰ ক্ষেত্ৰত বহু ধনাত্মক পৰিৱৰ্তন আনিছিল।

তাৎপৰ্য্যপূৰ্ণভাৱে, কাজিৰঙা জীপ চাফাৰি সন্থাৰ একাংশ সদস্য শিৱকুমাৰৰ বদলি নিশ্চিত কৰাৰ বাবে উঠিপৰি লাগিছে।

জীপ চাফাৰি সন্থাৰ সদস্যসকল শিৱকুমাৰক লৈ সুখী নোহোৱাৰ কাৰণ তেওঁ কঠোৰ নীতি-নিয়ম আৰম্ভ কৰিছিল।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চলা বহুসংখ্যক জীপৰ সঠিক নথিপত্ৰ নোহোৱা বুলি পোৱা গৈছিল, বেছিখিনি গাড়ীৰে প্ৰদূষণ প্ৰমাণপত্ৰ আৰু বীমা নাছিল।