NORTHEAST NOW (Assamese)
অসম

কংগ্ৰেছৰ কৌশল নিৰ্দ্ধাৰণ বৈঠকত অংশগ্ৰহণ কৰিলে সাংসদ গৌৰব গগৈয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 1, 2020 7:12 am
Gaurav-Gogoi-1-1140x570

অসমৰ কলিয়াবৰৰ সাংসদ গৌৰব গগৈয়ে শনিবাৰে নতুন দিল্লীৰ ১০নং জনপথত অনুষ্ঠিত কংগ্ৰেছৰ সংসদীয় কৌশল নিৰ্দ্ধাৰণ বৈঠকত অংশগ্ৰহণ কৰে।

নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ (এআইচিচি)সভানেত্ৰী ছোনিয়া গান্ধীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত দলটোৰ জ্যেষ্ঠ নেতা গোলাম নবী আজাদ, জয়ৰাম ৰমেশ, এ কে এন্টনি, আনন্দ শৰ্মা আৰু আহমেদ পেটেলো উপস্থিত থাকে।

সূত্ৰসমূহে কয় যে বৈঠকত আগন্তুক সংসদৰ অধিৱেশনৰ বাবে কংগ্ৰেছৰ কৌশল সম্পৰ্কে আলোচনা কৰা হয়।

সোমবাৰৰ পৰা বৰ্দ্ধিত বাজেট অধিৱেশন আৰম্ভ হ’ব।

সূত্ৰসমূহে জানিব দিয়া মতে কংগ্ৰেছে নাগৰিকত্ব সংশোধনী আইনক লৈ উত্তৰ-পূব দিল্লীত সংঘটিত সাম্প্ৰদায়িক হিংসাক লৈ চৰকাৰক জবাবদিহি কৰিব।

দুটা ফৈদৰ মাজত সংঘটিত হোৱা সংঘৰ্ষৰ ফলত ইতিমধ্যে ৪২ জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে ২০০তকৈয়ো অধিক লোক আহত হৈছে।

যোৱা ১ ফেব্ৰুৱাৰিত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে সংসদত বাজেট উত্থাপন কৰিছিল।

বাজেট অধিৱেশনৰ প্ৰথমাৰ্দ্ধত ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে ৩১ জানুৱাৰিৰ দিনা সংসদৰ যুটীয়া অধিৱেশনত ভাষণ দিছিল।

সংসদৰ বৰ্দ্ধিত বাজেট অধিৱেশন অহা ৩ এপ্ৰিললৈ চলিব আৰু ইয়াতেই ৰূপায়নৰ বাবে কেন্দ্ৰীয় বাজেট গ্ৰহণ কৰা হ’ব।