NORTHEAST NOW (Assamese)

মহানগৰীত হৰিণাৰ মুক্ত বিচৰণ : ৰাইজে ধৰি গতাই দিলে বন বিভাগক

January 7, 2019 10:34 am · এন ই নাও নিউজ
মহানগৰীৰ হেঙেৰাবাৰীত মুক্ত বিচৰণ কৰা হৰিণাটো।

আজি নিচেই পুৱাতে মহানগৰীৰ হেঙেৰাবাৰীৰ নৱজ্যোতি ক্লাবৰ সমীপত এটি  হৰিণাই মুক্ত বিচৰণ কৰি থকা দেখা পোৱা গ’ল। ৰাতিপুৱাই এখন হাৰ্ডৱেৰ দোকানৰ পিছফালে স্থানীয় লোকে হৰিণাটো প্ৰত্যক্ষ কৰে।

খাদ্যৰ সন্ধানত অসম ৰাজ্যিক চিৰিয়াখানাৰ ভঙা দেৱালেৰে ওলাই অহা হৰিণাটো দেখি ৰাইজে বান্ধি থয় আৰু পাছতে হৰিণাটো গতাই দিবৰ বাবে বন বিভাগক খবৰ দিয়ে। পাছত বন বিভাগৰ লোক আহি হৰিণাটো উদ্ধাৰ কৰি লৈ যায়।

উল্লেখযোগ্য যে অসম ৰাজ্যিক চিৰিয়াখানাৰ আশে পাশে এইদৰে নিশাৰ ভাগত হৰিণাৰ মুক্ত বিচৰণ প্ৰায়েই দেখিবলৈ পোৱা যায় বুলি স্থানীয় লোকে ব্যক্ত কৰে। চিৰিয়াখানাৰ ভগা দেৱালেৰে পাৰ হৈ খাদ্যৰ সন্ধানত এনেদৰে ওলাই অহা হৰিণাবোৰ বহু সময়ত নিখোজ হৈ পৰাৰ সন্দেহো ব্যক্ত কৰে স্থানীয় ৰাইজে।

স্থানীয় ৰাইজে অভিযোগ কৰা মতে চিৰিয়াখানা কৰ্তৃপক্ষৰ হেমাহিৰ বাবে ইয়াত থকা বন্যপ্ৰাণীসমূহৰ নিৰাপত্তা নোহোৱা হৈছে। তদুপৰি, চৰকাৰেও অসমৰ একমাত্ৰ ৰাজ্যিক চিৰিয়াখনৰ প্ৰতি অৱহেলা কৰাৰ অভিযোগ কৰে বন্যপ্ৰাণী প্ৰেমী মহলে।

Related News