NORTHEAST NOW (Assamese)
অসম

ওদালগুৰিত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এগৰাকী ছাত্ৰী

Posted by: এন ই নাও নিউজ October 8, 2018 10:40 am
IMG-20180930-WA0014-750x375

ওদালগুৰিত বনৰীয়া হাতীৰ আক্ৰমণ সোমবাৰে এগৰাকী ছাত্ৰী নিহত হয়। ওদালগুৰিৰ বাদলপাৰাত শুক্লাই নদীৰ পাৰত হাতীৰ আক্ৰমণত ছাত্ৰীগৰাকী নিহত হয়। মৃত ১৬ বছৰীয়া ছাত্ৰীগৰাকীক ৰূপালী তপ্প’ বুলি চিনাক্ত কৰা হৈছে আৰু ৰূপালী শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰী আছিল বুলি জানিব পৰা গৈছে।

ছাত্ৰীগৰাকীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

ওদালগুৰিৰ ভাৰত-ভুটান সীমান্ত এলেকাৰ আশে পাশে হাতী-মানুহৰ সংঘাত ক্ৰমাৎ বৃদ্ধি পোৱাটো পৰিলক্ষিত হৈছে। বনাঞ্চলৰ ভূমি বেআইনীভাৱে দখল কৰি চাহ বাগিচা, পাম আদি খোলাৰ ফলত হাতীৰ বিচৰণভূমি সংকুচিত হৈ পৰিছে। খালিংদুৱাৰ সংৰক্ষিত বনাঞ্চল, বৰনদী বন্যপ্ৰাণী অভয়াৰণ্যত অবাধে গছ কটাৰ ফলত হাতীৰ জাক মানুহৰ বসতিপূৰ্ণ এলেকালৈ নামি অহা দেখিবলৈ পোৱা গৈছে।

হাতীৰ দ্বাৰা খেতিপথাৰ ধ্বংস, হাতীৰ আক্ৰমণত মানুহ হতাহত হোৱাৰ ঘটনাও সেইদৰে সংঘটিত হৈ আহিছে।

উল্লেখযোগ্য যে ২০১৮ৰ এতিয়ালৈকে হাতী-মানুহৰ সংঘাতৰ ফলত ৭জন লোক আৰু ৩টা হাতীৰ মৃত্যু ঘটিছে।