NORTHEAST NOW (Assamese)

বিশিষ্ট কবি হৰেকৃষ্ণ ডেকাৰ কবিতা- চহৰত বৰষুণ

April 13, 2025 10:01 am · হৰেকৃষ্ণ ডেকা
Updated: April 13, 2025 10:03 am

চহৰত বৰষুণ

————

ধাৰাসাৰ বৰষুণ ৷

উটুৱাই নিব নেকি

চহৰীয়া ভুলবোৰ

পানীত ককবকাই থকা খংবোৰ ?

কিন্তু যিসকলে পানীপৰুৱাৰ দৰে

ককবকাই আছে

উটি যাবনে তেওঁলোকৰ দুঃখবোৰো

নে পানীয়ে-বামে উভচৰ হৈ

থাকিব তেওঁলোক ৷

দোষ কাৰ?

নাগৰিকৰ নে নগৰ পৰিকল্পনাৰ?

নে সকলোৰে উদাসীনতাৰ?

যিসকলে পানীত ওপঙিছে

তেওঁলোক এতিয়া মাত মাতি মাতি

বোবা ৷

বৈদ্যুতিন পর্দাত

চঞ্চল ছবিৰ কথকতা

তেওঁলোকৰ ভগা হাড়ত

সাময়িক ভেঙুচালি ৷

বৰষুণে ৰিমজিম গান

ইয়াত নাগায় ৷

কেৱল মানুহৰ সমূহীয়া ভুলত

বিদ্রুপৰ তবলা বজায় ৷

Related News