NORTHEAST NOW (Assamese)

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

May 9, 2025 9:08 am · এন ই নাও নিউজ, গুৱাহাটী

গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ! খবৰ অনুসৰি পাকিস্তানৰ সেনাধ্যক্ষ জেনেৰেল আছিম মুনিৰক সামৰিক বাহিনীৰ ভিতৰৰ এটা ফৈদে গ্ৰেপ্তাৰ কৰাৰ পাছত অপসাৰণ কৰা বুলি বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে দাবী কৰিছে।

পাকিস্তান সেনা বা চৰকাৰে কোনো আনুষ্ঠানিক বিবৃতি জাৰি কৰা নাই যদিও বাতৰি অনুসৰি লেফটেনেণ্ট জেনেৰেল ছাহিৰ শ্বামছাদ মিৰ্জাই পাকিস্তানৰ নতুন সেনা প্ৰধানৰ দায়িত্ব লব পাৰে।

বাতৰি অনুসৰি পাকিস্তান সেনাৰ জ্যেষ্ঠ আৰু মধ্যম পদবীৰ বিষয়া-কৰ্ণেল, মেজৰ আৰু কেপ্তেইনৰ এটা দলে হয়তো জেনেৰেল আছিম মুনিৰৰ পদত্যাগৰ দাবীত এখন পত্ৰ লিখিছে। পত্ৰখনত মুনিৰে ৰাজনৈতিক মতানৈক্যক নীৰৱ কৰিবলৈ, সংবাদ মাধ্যমৰ স্বাধীনতা হ্ৰাস কৰা, পাকিস্তানৰ চলি থকা ৰাজনৈতিক আৰু অৰ্থনৈতিক সংকট আৰু অধিক ভয়াৱহ কৰাৰ বাবে সামৰিক বাহিনী ব্যৱহাৰ কৰা বুলি সমালোচনা কৰা হৈছে।

২০২২ চনৰ নৱেম্বৰ মাহত চিঅএএছৰ ভূমিকা গ্ৰহণ কৰা জেনেৰেল মুনিৰে ২২ এপ্ৰিলত কাশ্মীৰত সংঘটিত হোৱা পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন সাধাৰণ নাগৰিকৰ মৃত্যু হোৱাৰ লগতে ভাৰতৰ প্ৰতিশোধমূলক অপাৰেশ্যন সিন্দূৰৰ ভূমিকা লোৱা বুলি অভিযোগ উত্থাপন হোৱাৰ বাবে তীব্ৰ নিৰীক্ষণৰ সন্মুখীন হৈছে। বাতৰি অনুসৰি ভাৰত-পাকিস্তান সংঘাত চম্ভালাৰ ক্ষেত্ৰত আভ্যন্তৰীণ সামৰিক মতানৈক্য আৰু জনসাধাৰণৰ প্ৰতিক্ৰিয়াৰ বাবে শ্বেহবাজ শ্বৰীফ চৰকাৰে মুনিৰৰ ঠাইত মিৰ্জাক নিযুক্তি দিয়াৰ কথা চিন্তা কৰিছে।

Related News