NORTHEAST NOW (Assamese)

সুখী দাম্পত্য জীৱনত ভাঙোন? কেনেকৈ হব সুখী দম্পতী? সহায় কৰিব চাণক্য নীতিয়ে

May 29, 2023 7:01 am · এন ই নাও নিউজ, গুৱাহাটী

আচাৰ্য চাণক্যৰ বিষয়ে আমি সকলোৱে জানো। ভাৰতীয় প্ৰাচীন পণ্ডিতসকলৰ ভিতৰত তেওঁ অন্যতম আছিল। তেওঁৰ নীতি আজিও সমানেই উপযোগী। পণ্ডিতসকলৰ মতে আচাৰ্য চাণক্যৰ নীতি নিয়মীয়াকৈ অধ্যয়ন কৰা ব্যক্তিয়ে নিজৰ জীৱনৰ পৰা সহজেই দুখ-দুৰ্দশাৰ পৰা মুক্তি পাব পাৰে।কেৱল সেয়াই নহয়, যিকোনো দুৰ্যোগত অধ্যৱসায়ী হ’বলৈ শিকা শক্তি আৰু শিক্ষাও চাণক্যৰ দৰ্শনৰ পৰা শিকিব পাৰি।

পণ্ডিত চাণক্যৰ মতে স্বামী-স্ত্ৰীৰ সম্পৰ্ক ৰেচমৰ সূতাৰ দৰে। স্বামী-স্ত্ৰীৰ সম্পৰ্ক প্ৰেম আৰু বিশ্বাসৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে।যেতিয়া প্ৰেম আৰু বিশ্বাস নাথাকে তেতিয়া সম্পৰ্ক দুৰ্বল হ’বলৈ ধৰে। এই সম্পৰ্কত বিভাজন হ’লে ব্যক্তিগত জীৱনত বিভিন্ন অশান্তি আৰু মনোমালিন্য দেখা যায়। স্বামী-স্ত্ৰীৰ সম্পৰ্কত যেতিয়া দূৰত্ব আহে, তেতিয়া তেওঁলোকৰ মাজৰ এজন যিমানেই মেধাৱী বা পণ্ডিত নহওক কিয়, তেওঁলোক আৱেগিক মানসিক চাপৰ বলি হৈ পৰে।

গতিকে সুখী বিবাহিত জীৱন যাপন কৰিবলৈ চৰ্ত হিচাপে আচাৰ্য চাণক্যৰ কিছুমান নিয়ম মানি চলা উচিত।

বিবাহিত জীৱনৰ সৰু সুখত ডাঙৰ সুখ বিচাৰি উলিয়াবলৈ চেষ্টা কৰক। দৈনন্দিন জীৱনৰ সৰু সৰু আনন্দবোৰত বিচাৰি পাব লাগিব অফুৰন্ত আনন্দ। জীৱনৰ কোনো এটা সুখৰ মুহূৰ্ত হেৰুৱাব নিদিব।

বিবাহিত সম্পৰ্কত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল স্বামী-স্ত্ৰীৰ মাজত শ্ৰদ্ধা আৰু সন্মান। যদি পতি-পত্নীৰ মাজত শ্ৰদ্ধা আৰু সন্মান নাথাকে তেন্তে বিপদৰ সময়ত কেতিয়াও ইজনে সিজনৰ কাষত থিয় দিব নোৱাৰে।সুখ-দুখৰ সময়ত প্ৰতিজন স্বামী-স্ত্ৰীয়ে ইজনে সিজনক শ্ৰদ্ধা আৰু সন্মান কৰা উচিত।

জীৱনৰ বেয়া গুণবোৰ একাষৰীয়া কৰি সদায় ভাল কথাবোৰ আলোচনা কৰা উচিত। ই সম্পৰ্কটোক মজবুত আৰু সুন্দৰ কৰি তোলে।

Related News