NORTHEAST NOW (Assamese)

এ চি এছ বিষয়া বাবুলাল শৰ্মাক এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক নিযুক্তি

November 30, 2019 8:32 pm · কল্পজ্যোতি শইকীয়া
Updated: November 30, 2019 8:48 pm

নিযুক্তিৰ পিছতে বিতৰ্ক সৃষ্টি হোৱাৰ পিছত এতিয়ালৈকে নতুন দায়িত্বত যোগদান নকৰা এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশৰ্মাৰ ঠাইত ৰাজ্যিক সমন্বয়ক হিচাপে বাবুলাল শৰ্মাক নিযুক্তি দিয়া হৈছে।

বাবুলাল শৰ্মা ৮৯ বেটছৰ এ চি এছ বিষয়া। শৰ্মা বৰ্তমান ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব হিচাপে দায়িত্বত আছে। ইয়াৰ পূৰ্বে বঙাইগাওঁ জিলাৰ উপায়ুক্ত হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছিল। তেওঁ ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষা আৰু উচ্চ শিক্ষাৰ সঞ্চালক হিচাপেও কাৰ্য্য নিৰ্বাহ কৰিছিল।

নৰ্থ-ইষ্ট নাওৰ পৰা যোগাযোগ কৰাত বাবুলাল শৰ্মাই হিতেশ শৰ্মা এমাহৰ ছুটীত থকা বাবেহে তেওঁ ভাৰপ্ৰাপ্ত হিচাপে এই নতুন তথা অতিৰিক্ত দায়িত্বত নিযুক্ত হোৱা বুলি জনায়।

“সমন্বয়ক হিচাপে হিতেশ দেৱশৰ্মাই আছে। তেওঁ পুতেকৰ বিয়াৰ বাবে এমাহৰ ছুটীত আছে বাবে মোক ভাৰপ্ৰাপ্ত হিচাপে দায়িত্ব দিছে”, বাবুলাল শৰ্মাই টেলিফোনত কয়।

প্ৰতীক হাজেলাক উচ্চতম ন্যায়ালয়ে বদলি কৰাৰ পিছতে ৯ নৱেম্বৰত এন আৰ চিৰ ৰাজ্যিক সমন্বয়কৰ গুৰুত্বপূৰ্ণ পদটোত ৰাজ্য চৰকাৰে হিতেশ দেৱশৰ্মাক নিযুক্তি দিছিল।

লগতে পঢ়ক NRC-ৰ নতুন ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ বিতৰ্কিত পোষ্ট ভাইৰেল

কিন্তু শৰ্মাৰ নিযুক্তিৰ পিছতে তেওঁৰ কিছুমান সদ্য-পুৰণি ফেইচবুক পোষ্টক লৈ ভীষণ বিতৰ্কৰ সৃষ্টি হয় আৰু ছ’চিয়েল মিডিয়া য়ুজাৰে তেওঁক এজন সাম্প্ৰদায়িক লোক বুলি চিহ্নিত কৰে।

তেওঁৰ এই পোষ্টবোৰৰ ভিত্তিত বহু পক্ষ, দল-সংগঠনে তেওঁৰ নিযুক্তিৰ বাতিল কৰিবলৈ চৰকাৰক দাবী জনায়।

কংগ্ৰেছৰ বৰপেটাৰ সাংসদ আব্দুল খালেকে তেওঁৰ নিযুক্তি বাতিল কৰিবলৈ মুখ্য মন্ত্ৰী সোণোৱাললৈ পত্ৰ প্ৰেৰণ কৰে।

ইয়াৰ পিছতে চৰকাৰে বিষয়াজনৰ যোগদান স্থগিত ৰাখিছিল। কিছু দিনৰ পিছতে ১৬ নৱেম্বৰত নতুন গুৰুত্বপূৰ্ণ পদটোত যোগদান নকৰাকৈয়ে হিতেশ দেৱশৰ্মা এমাহৰ ছুটীত যোৱা বুলি খবৰ ওলায়।

আনহাতে হিতেশ দেৱশৰ্মাৰ ছুটী শেষ হ’বলৈ মাত্ৰ কেইদিন মান থকা অৱস্থাত বাবুলাল শৰ্মাক এন আৰ চিৰ ভাৰপ্ৰাপ্ত হিচাপে নিযুক্তি দিয়াটোৱে ৰহস্যৰ সৃষ্টি কৰিছে।

জানিব পৰামতে, বাবুলাল শৰ্মা মন্ত্ৰী হিমন্তৰ অতি ঘনিষ্ঠ এজন বিষয়া।

Related News