• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

NRC-ৰ নতুন ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ বিতৰ্কিত পোষ্ট ভাইৰেল

NRC-এ ৫০ লাখ বাংলাদেশীক স্বদেশী কৰা বুলি দিয়া পোষ্টৰ স্ক্ৰীনশ্বট; "কেব"ৰ সমৰ্থন দেখি ক্ষুভিত ছ'চিয়েল মিডিয়া য়ুজাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 10, 2019 7:03 pm
Hitesh Dev Sarma_Screen Shot

ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা হিতেশ দেৱ শৰ্মাৰ কিছুমান পোষ্টৰ স্ক্ৰীনশ্বট। উৎস : ফেইচবুক।

13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰে এন আৰ চিৰ ৰাজ্যিক সমন্বয়কৰ দৰে গুৰু দায়িত্বত নতুনকৈ নিযুক্তি দিয়া হিতেশ দেৱ শৰ্মাৰ কিছুমান “বিতৰ্কিত” ফেইচবুক পোষ্ট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা দেখা গৈছে।

দেৱ শৰ্মাক ৯ নৱেম্বৰত ৰাজ্য চৰকাৰৰ পাৰ্চনেল বিভাগৰ আয়ুক্ত সচিব ড০ কে কে  দ্বিৱেদীয়ে এখন জাননীৰ জৰিয়তে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক হিচাপে নিযুক্তি দিছে। তেওঁ বিদায়ী ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ স্থলাভিষিক্ত হ’ব।

Apply Now

ভাইৰেল হোৱা শৰ্মাৰ এই পোষ্টবোৰ যোৱা দুই-এদিনৰ ভিতৰত কৰা নহয়। যোৱা ৭ অক্টোবৰৰ পিছত তেওঁৰ টাইমলাইনত নিজে কৰা পোষ্ট দেখা নাযায়।।

ভাব হয়, এন আৰ চিৰ ৰাজ্যিক সমন্বয় হিচাপে শৰ্মাক নিযুক্তি দিয়াৰ পিছতে ফেইচবুক য়ুজাৰসকলে তেওঁৰ টাইমলাইন খোঁচৰে। বহুতে “বিতৰ্কিত” বুলি চিহ্নিত কৰা এই পোষ্টবোৰৰ স্ক্ৰীনশ্বট আনকি তেওঁৰ টাইমলাইনতো একোটা কটাক্ষ ৰূপত বহুতে গাঁঠি দিছে।

ফেইচবুক য়ুজাৰবোৰে ব্যাপক হাৰত শ্বেয়াৰ কৰি থকা শৰ্মাৰ পোষ্টবোৰৰ পৰা বুজিব পাৰি তেওঁ এন আৰ চি প্ৰক্ৰিয়াটোত তীব্ৰভাৱে অসন্তুষ্ট আছিল, আনকি তেওঁ ইয়াৰ জৰিয়তে ৫০ লাখ বাংলাদেশীয়ে স্বদেশী হোৱাৰ সুযোগ পোৱা বুলিও ক’ব বিচাৰে।

“আচৰিত নালাগে নে? অসম চুক্তিয়ে দিয়া ৫০ লাখ পূব পাকিস্তানী আৰু নাগৰিকপঞ্জীয়ে দিয়া অতিৰিক্ত ৫০ লাখ বাংলাদেশী, মুঠ এক কোটি হজম কৰি, তাৰে ভিতৰৰে ধৰ্মীয় নিষ্পেষিত কেইলাখমান হিন্দু বাংলাদেশীক লৈ অসমীয়াৰ পেটৰ বিষ…”, ৩ নৱেম্বৰত শৰ্মাই দিয়া এটা পোষ্টৰ স্ক্ৰীনশ্বটত এই বক্তব্য দেখা যায়, যিটো বৰকৈ শ্বেয়াৰ কৰা হৈছে।

পোষ্টটোৰ পৰা শৰ্মাক নাগৰিকত্ব সংশোধনী বিধেয়কৰ এজন প্ৰবক্তা বুলি ফেইচবুক য়ুজাৰে ধৰি লোৱাটো অসম্ভৱ নহয়।

ভাইৰেল হোৱা আন এটা স্ক্ৰীন শ্বটত দেখা গৈছে শৰ্মাই এজন ফেইচবুক ফ্ৰেইণ্ডৰ অসমত নাগৰিকত্বৰ ভিত্তিবৰ্ষ সম্পৰ্কীয় পোষ্ট এটা শ্বেয়াৰ কৰি নিজৰ বক্তব্য লিখিছে, “প্ৰকৃত ভিত্তিবৰ্ষ ১৯৪৮ চনৰ ১৯ জুলাইহে” (actual cut off date is 19th July, 1948)। এইটো ২৯ ছেপ্টেম্বৰৰ পোষ্ট।

আনহাতে ৪ অক্টোবৰত দিয়া এটা পোষ্টৰো স্ক্ৰীনশ্বট ব্যাপক হাৰত শ্বেয়াৰ কৰিছে য়ুজাৰসকলে। এই পোষ্টটোত শৰ্মাই সমুজ্জ্বল ভট্টাচাৰ্য্যৰ ফটোৰ সৈতে আছুৰ বক্তব্যৰ এটুকুৰা পেপাৰ কাট আপল’ড কৰি তাৰ সৈতে আছুক কটাক্ষ কৰি মন্তব্য দিছে এইদৰে,- “The U turn, মিঠায়ো খাব লাগিব, ৰাইজৰো আস্থাভাজন হৈ থাকিব লাগিব। এয়াহে বিচক্ষণ ৰাজনীতিকৰ লক্ষণ। পুনৰীক্ষণৰ বিৰোধিতা কাৰ স্বাৰ্থত কৰিছিল? সময়ত স্পষ্ট কৰা হ’ব।”

আনকি শৰ্মাৰ বুলি দাবী কৰা কিছুমান পুৰণি এনেকুৱা পোষ্টৰ স্ক্ৰীনশ্বট ফেইচবুক য়ুজাৰসকলে শ্বেয়াৰ কৰিছে, যিবোৰত মোদী চৰকাৰৰ দিনত উগ্ৰ হিন্দুত্বপ্ৰেমত উন্মত্ত হোৱা আৰু বিশেষকৈ অৰ্ধশিক্ষিত একাংশ লোকৰ অসহিষ্ণু মানসিকতাৰ প্ৰতিফলন দেখা যায়।

“পাকিস্তান জিন্দাবাদ দিয়াসকলৰ একমাত্ৰ শাস্তি পাকিস্তানলৈ বিতাড়ন”, ২৪ ফেব্ৰুৱাৰিত দিয়া এটা পোষ্টৰ স্ক্ৰীনশ্বটৰ বক্তব্য।

“NRC-ক লৈ মিঠাই খোৱাবোৰে উত্তৰ দিয়ক! বাংলাদেশীৰে পৰিপূৰ্ণ NRC লৈ কিয় মিঠাই খালে???!!???”, আছুক কটাক্ষ কৰি দিয়া এই পোষ্টটোৰ স্ক্ৰীনশ্বটোত পোষ্টটোৰ সময় ৪ ফেব্ৰুৱাৰি দেখা গৈছে।

মুঠতে শৰ্মাই এন এৰ চিৰ ৰাজ্যিক সমন্বয়ক হিচাপে নিযুক্তি পোৱাৰ পিছতে তেওঁৰ বিষয়ে জানিবলৈ তেওঁৰ টাইমলাইনত উবুৰি খাই পৰে ফেইচবুক য়ুজাৰসকল। খুব সম্ভৱ শৰ্মা কেনেকুৱা পৰ্য্যায়ৰ ব্যক্তি সেইটো জানিবলৈ বিচাৰি টাইমলাইনত অপাৰেইশ্যন চলাই হতাশ হোৱা য়ুজাৰসকলে ইয়াৰ ক্ষোভ উজাৰিছে তেওঁৰ পোষ্টবোৰৰ স্ক্ৰীনশ্বট নিজৰ নিজৰ টাইমলাইনত আপল’ডৰ জৰিয়তে।

বহুতে লগতে এই প্ৰশ্ন কৰিছে যে চৰকাৰ আৰু উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত চলা প্ৰক্ৰিয়া এটাক এজন তুলুঙা চিন্তাৰ লোকৰ দৰে সমালোচনা কৰি তৰল মন্তব্য কৰা এজন ব্যক্তিৰ পৰা কিবা নিৰপেক্ষ আৰু গুণগত কাম আশা কৰিব পাৰিনে?

ভাইৰেল হোৱা আন এটা বিতৰ্কিত পোষ্টৰ স্ক্ৰীনশ্বটত এইদৰে লিখা দেখা যায়, “ভাৰত-পাকিস্তানৰ খেলত জিকিলে যিসকলে ফটকা ফুটায়, তেওঁলোককেই লিখিব দিয়া হ’ল জাতিৰ দলিল, তেওঁলোকৰ বাবেই গোৱা হ’ল গভীৰ আস্থাৰ গান”। পোষ্টটো চূড়ান্ত এন আৰ চি প্ৰকাশ হোৱাৰ দদিনমানৰ পিছৰে, ১০ ছেপ্টেম্বৰৰ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd