NORTHEAST NOW (Assamese)

দেশত লাহে লাহে কমি আহিবলৈ আৰম্ভ কৰিছে কোভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা

October 24, 2020 4:33 pm · এন ই নাও নিউজ

ভাৰতত এতিয়া কোভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা লাহে লাহে কমি আহিবলৈ আৰম্ভ কৰিছে।

দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ৫৩,৩৭০ গৰাকী লোক।

সমগ্ৰ ভাৰতত কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যাই অতিক্ৰম কৰিলে ৭৮ লাখৰ ঘৰ।

ক’ৰ’ণাৰ সংক্ৰমণৰ ক্ষেত্ৰত এতিয়াও প্ৰথম স্থানত আছে আমেৰিকা।
কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত ক’ৰ’ণাত আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যা হৈছেগৈ ৭৮,১৪,৬৮৩ গৰাকী। এক্টিভ ৰোগীৰ সংখ্যা হৈছে ৬,৮০,৬৮০ গৰাকী।

এতিয়ালৈকে এই মাৰাত্মক ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটিছে ১,১৭,৯৫৬ গৰাকী লোকৰ।

একেদৰে কোভিডত আক্ৰান্ত হোৱা ৭০,১৬,০৪৬ গৰাকী লোকে ইতিমধ্যে এই ৰোগৰ পৰা মুক্ত হবলৈ সক্ষম হৈছে।

উল্লেখ্য দেশৰ আগশাৰীৰ স্বাস্থ্য বিজ্ঞানী, কেইবাখনো আই আই টিৰ গৱেষক,আই চি এম আৰৰ বিশেষজ্ঞকলৈ গঠন কৰি দিয়া বিশেষজ্ঞ কমিটিয়ে প্ৰকাশ কৰা মতে ভাৰতত ক’ৰ’ণাই ইতিমধ্যে ইয়াৰ শীৰ্ষ বিন্দু অতিক্ৰম কৰি আহিছে।

সেয়ে লাহে লাহে ক’ৰ’ণাৰ সংক্ৰমণ হ্ৰাস পাই আহিব।

এনেদৰে থাকিলে অহা বছৰৰ ফেব্ৰুৱাৰী মাহৰ শেষৰ পিনে ক’ৰ’ণাৰ সংক্ৰমণ দেশত ভালেখিনি কমি যাব।

সেই সময়ত অতি নগন্য সংখ্যক ক’ৰ’ণা ৰোগীহে দেশত থাকিব।

অৱশ্যে শীতৰ সময়ত আৰু পূজাৰ সময়ত যদিও মানুহে সামাজিক দূৰত্বৰ বিধি নামানে তেন্তে দেশত প্ৰতি মাহে কমেও ২৬ লাখকৈ লোক ক’ৰ’ণাত আক্ৰান্ত হ’ব।

অহা বছৰৰ ফেব্ৰুৱাৰী মাহত দেশত ক’ৰ’ণাক্ৰান্তৰ সংখ্যা ১ কোটি ৫ লাখ মান হোৱাৰ সম্ভাৱনা আছে।

বিশেষজ্ঞ কমিটিয়ে ক’ৰ’ণাৰ সংক্ৰমণ সন্দৰ্ভত প্ৰস্তুত কৰা গাণিতিক মডেলৰ ভিত্তিত এই তথ্য প্ৰকাশ কৰিছে।

Related News