NORTHEAST NOW (Assamese)
দেশ

অভিনয়ে আমুৱালে! ‘অনুপমা’খ্যাত অভিনেত্ৰী ৰূপালী গাংগুলীৰ বিজেপিত যোগদান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 1, 2024 2:49 pm

শেষ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বুধবাৰে দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত গেৰুৱা বসন পৰিধান কৰে অভিনেতা ৰূপালী গাংগুলীয়ে৷এই অনুষ্ঠানত দলৰ নেতা বিনোদ টাউড়ে আৰু অনিল বালুনীও উপস্থিত থাকে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ কামৰ প্ৰশংসা কৰি গাংগুলীয়ে কয় যে বিজেপিৰ প্ৰতি সকলোকে আকৰ্ষণ কৰা একমাত্ৰ ব্যক্তিত্ব হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

সাংবাদিকৰ আগত তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীৰ কৰ্মশৈলী, ব্যক্তিত্ব আৰু তেওঁ আমাৰ দেশক যিদৰে উন্নয়নৰ দিশত লৈ গৈছে, প্ৰতিজন ভাৰতীয়ই ‘মোদী সেনা’ত যোগদান কৰি দেশলৈ অৰিহণা যোগাব বিচাৰে, আৰু মইও একে অনুভৱ কৰিলোঁ আৰু সেয়েহে মই বিজেপিত যোগদান কৰিলোঁ।লগতে দলত যোগদান কৰি সংবাদ মাধ্যমক সম্বোধন কৰি অভিনেত্ৰীগৰাকীয়ে কয়, “যেতিয়া মই উন্নয়নৰ এই ‘মহাযজ্ঞ’ দেখিবলৈ পাওঁ, তেতিয়া মই অনুভৱ কৰোঁ যে মইও ইয়াত অংশ লোৱা উচিত। মোক আপোনালোকৰ আশীৰ্বাদ আৰু সহায়ৰ প্ৰয়োজন যাতে মই যিয়েই নকৰোঁ, মই সেই কামটো যাতে সঠিকভাৱে কৰিব পাৰোঁ৷”

View this post on Instagram

A post shared by Rups (@rupaliganguly)

বিজেপিত যোগদান কৰাৰ পাছত অভিনেতাগৰাকীয়ে জ্যোতিষী আমেয়া যোশীৰ সৈতে দলৰ সভাপতি জে পি নাড্ডাক, দিল্লীত সাক্ষাৎ কৰে।