NORTHEAST NOW (Assamese)
অসম

গাঁওবাসীৰ স্বত্বিৰ নিশ্বাস : ১৭২ দিনৰ অন্তত সম্পূৰ্ণৰূপে নিৰ্বাপন হ’ল বাঘজানৰ জুই

Posted by: অভীক চক্ৰৱৰ্তী Updated by: অভীক চক্ৰৱৰ্তী November 15, 2020 8:08 pm
Baghjan-2-750x375

সম্পূৰ্ণৰূপে নির্বাপন হৈছে অইল ইণ্ডিয়া লিমিটেডৰ বাঘজান তৈল খাদত জ্বলি থকা জুই।

১৭২ দিনৰ অন্তত দেওবাৰে(আজি) অইল ইণ্ডিয়া লিমিটেডৰ বাঘজান খাদৰ জুই সম্পূৰ্ণৰূপে নিৰ্বাপন হোৱা বুলি প্ৰকাশ কৰিছে প্ৰতিষ্ঠানটোৱে।

এতিয়াৰ পৰা খাদটোত গেছৰ কোনো চাপ নাই আৰু গেছৰ যিকোনো পৰিমাণৰ চাপ বৃদ্ধি আৰু পুনৰ নিৰ্গত হ’ব নে নাই তাৰ বাবে আগন্তুক ২৪ ঘণ্টা নিৰীক্ষণ কৰা হ’ব বুলিও জনাইছে প্ৰতিষ্ঠানটোৱে।

দেওবাৰে প্ৰতিষ্ঠানটোৰ সঞ্চালক(এক্সপ্ল’ৰশ্যন এণ্ড ডেভ’লপমেন্ট) ডঃ পি চন্দ্ৰশেখৰণ. সঞ্চালক(অ’পাৰেশ্যন) পি কে গোস্বামী, আৰু মুখ্য আৱাসিক কাৰ্যবাহী ডি কে দাস বাঘজান পৰিদৰ্শন কৰি তাত থকা বিশেষজ্ঞ দলৰ সৈতে আলোচনাতো অংশগ্ৰহণ কৰে।

উল্লেখ্য যে চলিত বৰ্ষৰ ২৭ মে’ৰ পৰা বাঘজানৰ তৈল খাদত গেছ আৰু তেল নিৰ্গত হ’বলৈ আৰম্ভ কৰিছিল।

ইয়াৰ পিছতে চলিত বছৰৰ ৯ মে’ত বাঘজানৰ তৈল খাদত জুই লাগি সমগ্ৰ বাঘজান গাঁওখনকে ছাই কৰি পেলায়।

ইফালে গাঁওখন জুইয়ে ছাই কৰাৰ পিছৰে পৰা সমগ্ৰ গাঁওবাসীয়ে অস্থায়ী শিবিৰতে আছে।

বাঘজানৰ তৈল খাদৰ জুই নিৰ্বাপন হোৱাত স্থানীয় বাঘজানবাসীয়ে স্বস্তিৰ নিশ্বাস এৰিছে বুলি জানিব পৰা গৈছে।