NORTHEAST NOW (Assamese)
অসম

সাজু জুকাৰবাৰ্গ! টুইটাৰৰ পিছত এইবাৰ বৃহৎ সংখ্যক কৰ্মচাৰীক ছাঁটাই কৰিব মেটাই!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 7, 2022 8:39 am
সাজু জুকাৰবাৰ্গ! টুইটাৰৰ পিছত এইবাৰ বৃহৎ সংখ্যক কৰ্মচাৰীক ছাঁটাই কৰিব মেটাই!

ফেচবুকৰ মূল কোম্পানী মেটাই বৃহৎ সংখ্যক কৰ্মচাৰীক ছাঁটাই কৰা কাম আৰম্ভ কৰিবলৈ আগবাঢ়িছে। আন্তৰ্জাতিক সংবাদ সংস্থাৰ বাতৰি অনুসৰি এই অভিযান চলিত সপ্তাহতে আৰম্ভ হ’ব।

অৱশ্যে, সংস্থাটোৰ গৰাকী মাৰ্ক জুকাৰবাৰ্গে এতিয়ালৈকে এই বিষয়ত কোনো মন্তব্য দিবলৈ সাজু হোৱা নাই।

মেটাই এই বছৰ প্ৰায় আধা ট্ৰিলিয়ন ডলাৰ লোকচানৰ সন্মুখীন হৈছে। কোম্পানীটোৱে আগলৈ আৰু অধিক ক্ষতিৰ আশংকাত আছে।

লগতে পঢ়ক: তাঞ্জানিয়াৰ ভয়াৱহ বিমান দুৰ্ঘটনা: নিহতৰ সংখ্যা ১৯ গৰাকীলৈ বৃদ্ধি, অব্যাহত উদ্ধাৰ অভিযান

টিকটকৰ প্ৰসাৰ, এপলৰ নীতি পৰিৱৰ্তনকে ধৰি বিভিন্ন কাৰণত কোম্পানীটোৱে লোকচানৰ সন্মুখীন হৈছে।

এই সকলোবোৰ কথা বিবেচনা কৰি মাৰ্ক জুকাৰবাৰ্গৰ মালিকানাধীন কোম্পানীটোৱে ব্যয় হ্ৰাস কৰিবলৈ কৰ্মচাৰীসকলক ছাঁটাই কৰাৰ পথত আগবাঢ়িছে।

লগতে পঢ়ক: বাংলাদেশৰ গাঁৱত বিহু, বাগৰুম্বা পৰিৱেশন কৰিব অসমৰ সাংস্কৃতিক দলে

অৱশ্যে, সংবাদ সংস্থাৰ প্ৰতিবেদনত মেটাৰ কিমান কৰ্মচাৰীক এই অভিযানত ছাঁটাই কৰা হ’ব সেই বিষয়ে বিশদ তথ্য দাঙি ধৰা নাই।