NORTHEAST NOW (Assamese)

বিদায় মিত্ৰ! : মুখ্য মন্ত্ৰী সোণোৱালক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দাখিল অগপৰ তিনিজন মন্ত্ৰীৰ

January 9, 2019 8:07 pm · এন ই নাও নিউজ
Updated: January 11, 2019 11:59 am
ফাইল ফটো : যু বি

নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো কাৰণতেই মানি লোৱা নহ’ব বুলি নিজৰ স্থিতি স্পষ্ট কৰি বিজেপিৰে মিত্ৰতা ত্যাগ কৰা অসম গণ পৰিষদ দলৰ তিনিজন মন্ত্ৰীয়ে আজি কিছু সময় পূৰ্বে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ প্ৰদান কৰে।

পদত্যাগ পত্ৰ প্ৰদান কৰি আহি অগপ সভাপতি অতুল বৰাই সংবাদ মাধ্যমৰ আগত কয়, ‘আমি শেষ মূহুৰ্তলৈকে এই বিধেয়কখনৰ বিৰুদ্ধে যুঁজ দিছো। কিন্তু যোৱা ৭ জানুৱাৰিত নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰাৰ পাছত আমি স্পষ্ট হও যে বিজেপিয়ে এই বিধেয়কখন যিকোনো প্ৰকাৰে গৃহীত কৰিব বিচাৰিছে। সেয়ে আজি আমি মুখ্য মন্ত্ৰী সোণোৱালক সাক্ষাৎ কৰি আমাৰ পদত্যাগ পত্ৰ প্ৰদান কৰিলো’।

ইয়াৰ উপৰি তেওঁ আৰু কয়, ‘বিজেপিৰে মিত্ৰতা ত্যাগ কৰি আমি জনসাধাৰণৰ পক্ষত থিয় দিছো। ২০১৬ বিধানসভা নিৰ্বাচনৰ পূৰ্বে আমি বিজেপিৰে মিত্ৰতা কৰিছিলো। আমাৰ দলটো সৰ্বসাধাৰণ ৰাইজৰ দল। আমি চৰকাৰত থকাৰ সময়ত আমি ৰাইজৰ হৈ কাম কৰি যাবলৈ চেষ্টা কৰিছিলো’।

এই জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে ৰাজ্যৰ সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়া সাব্যস্ত হৈ আছিল সেয়ে অসম গণ পৰিষদ দলে ৰাইজৰ পক্ষত থিয় দিয়া বুলি অগপৰ সভাপতিজনে উল্লেখ কৰে।

উল্লেখ্য যে যোৱা ৭ জানুৱাৰিত জেপিচিয়ে বিধেয়কখনৰ প্ৰতিবেদন সদনত দাখিল কৰাৰ প্ৰাকমূহুৰ্তত অগপ সভাপতি অতুল বৰাৰ নেতৃত্বত যোৱা এটি প্ৰতিনিধি দলে নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি বিধেয়কখনৰ প্ৰৱল বিৰোধিতা কৰিছিল। কিন্তু বিধেয়কক লৈ কেন্দ্ৰীয় নেতৃত্বাধীন বিজেপি চৰকাৰে গ্ৰহণ কৰা আকোৰগোজ স্থিতিত ক্ষুন্ন হৈয়ে বিজেপিৰে মিত্ৰতা ছেদ কৰিছিল অসম গণ পৰিষদ দলে।

মন কৰিবলগীয়া যে বিভিন্ন দল-সংগঠন তথা অসমৰ সৰ্বসাধাৰণ ৰাইজে এই বিধেয়কখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতো ৮ জানুৱাৰিত বিধেয়কখন লোকসভাত গৃহীত কৰা হয়।

Related News