NORTHEAST NOW (Assamese)
অসম

গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ত জড়িত থকাৰ অপৰাধত বোকাখাতত অতুল বৰাৰ ঘনিষ্ঠ অগপ কৰ্মী আটক

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া September 25, 2020 7:56 pm

কাজিৰঙাৰ গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অপৰাধত বোকাখাত আৰক্ষীয়ে মঙলবাৰে নিশা চাৰিজন লোকক বিভিন্ন স্থানৰ পৰা আটক কৰে ৷

ধৃত লোক কেইজন হ’ল বোকাখাত ম’হ মাইকী গাঁওৰ নিৱাসী আৰু অসম গণ পৰিষদ দলৰ সক্ৰিয় কৰ্মী গনেশ দলে, বোকাখাত আমটেঙা গাঁৱৰ কাঠৰ ব্যৱসায়ী মৃদুল পেগু, কাৰ্বি আংলং জিলাৰ ডলামৰাৰ ৰাজেন ৰংফাৰ আৰু টাৰজান তেৰাং।

এক গোপন তথ্যৰ আধাৰত চাৰিওজনকেই নিশা নিজা বাসভৱনৰ পৰা আটক কৰিছে বোকাখাতৰ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত যোৱা অভিযানকাৰী দলটোৱে ৷

গড়ঁৰ খৰ্গৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগত ধৃত চাৰিজন ব্যক্তিৰ ভিতৰত মৃদুল পেগু, টাৰজান তেৰাং আৰু ৰাজেন ৰংফাৰক বন বিভাগৰ হাতত অৰ্পণ কৰে যদিও গনেশ দলে নামৰ অসম গণ পৰিষদ দলৰ লোকজনক বন বিভাগৰ হাতত অৰ্পন নকৰি কোনো ধৰণৰ সাক্ষ্য প্ৰমাণ নথকাৰ বাবে আৰক্ষীয়ে মুকলি কৰি দিয়ে ৷ 

ইফালে  ধৃত মৃদুল পেগুয়ে দিয়া  তথ্য আৰু স্বীকাৰোক্তি মতে কাঠৰ ব্যৱসায়ৰ সৈতে জড়িত আমটেঙাৰ মৃদুল পেগুক এটা গঁড়ৰ খৰ্গ দিছিল ডলামৰাৰ ৰাজেন ৰংফাৰে আৰু ৰাজেন ৰংফাৰে তেওঁ স্বীৰোক্তিত উক্ত খৰ্গটো ডলামৰাৰ টাৰজান তেৰাংৰ পৰা সংগ্ৰহ কৰিছিল বুলি স্বীকাৰ কৰে ৷

পৰৱৰ্তী সময়ত মৃদুল পেগুয়ে এই খৰ্গ গনেশ দলেক বিক্ৰী কৰিবৰ বাবে দিয়ে যদিও তাৰ বিনিময়ত গনেশ দলে এপইচাও নিদিয়ে বুলি মঙলবাৰৰ নিশাই বোকাখাত আৰক্ষী থানাত সাংবাদিকৰ আগত ব্যক্ত কৰে।

ইফালে ২০১৬ চনৰেই এই গঁড়ৰ খৰ্গটো মৃদুল পেগুক দিয়াৰ কথা স্বীকাৰ কৰিছে ৰাজেন ৰংফাৰেও ৷ ইয়াৰ পাচত সাক্ষ্য প্ৰমাণৰ অভাৱত গনেশ দলেক মুকলি কৰি দিয়াৰ উপৰিও গঁড়ৰ খৰ্গটো গনেশ দলেই কি কৰিলে এই সম্পৰ্কত মৌন হৈ আছে বোকাখাতৰ আৰক্ষী ৷ 

উল্লেখ যোগ্য যে, অসম গণ পৰিষদ দলৰ সক্ৰিয় কৰ্মী বোকাখাতৰ ম’হমাইকী গাওঁৰ নিৱাসী গনেশ দলেক কাজিৰঙাৰ গঁড় হত্যাৰ সৈতে জড়িত থকাৰ অপৰাধত একাধিক বাৰ গ্ৰেপ্তাৰ কৰিছিল বোকাখাত আৰু কাৰ্বি আংলং আৰক্ষীয়ে ৷

গ্ৰেপ্তাৰৰ সময়ত গনেশ দলেৰ জিম্মাৰ পৰা ৰাইফল আৰু সজীৱ গুলীও উদ্ধাৰ কৰিছিল অভিযানকাৰী দলে ৷ এই সম্পৰ্কত বোকাখাত আৰু ডিফু আৰক্ষী থানাত গনেশ দলেৰ বিৰুদ্ধে গোচৰো চলি আছে ৷ এই সমূহ গোচৰত জামিনত মুক্তি পোৱা গনেশে অসম গণ পৰিষদ দলত যোগদান কৰি কৃষি মন্ত্ৰী অতুল বৰাৰ প্ৰিয়ভাজন হৈ পঞ্চায়ত নিৰ্বাচনত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীত্ব লাভ কৰিবলৈ সক্ষম হয় ৷

গাওঁ পঞ্চায়তৰ নিৰ্বাচনত মৰিধনশিৰি গাঁও পঞ্চায়তৰ সভাপতি পদৰ বাবে অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী হিচাবে প্ৰতিদ্বন্দ্বিতা কৰি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীৰ হাতত পৰাজয় বৰণ কৰিছিল গনেশ দলে ৷ 

পঞ্চায়ত নিৰ্বাচনৰ সময়ত গঁড়ৰ হত্যাত জড়িত গনেশ দলেক দলৰ প্ৰাৰ্থীত্ব দিব নালাগে বুলি ৰাজহুৱা আৰু দলীয় অনুৰোধ উত্থাপিত হৈছিল যদিও কৃষিমন্ত্ৰী অতুল বৰাই সকলোকে উপেক্ষা কৰি গনেশ দলেক দলীয় প্ৰাৰ্থীত্ব প্ৰদান কৰি নিজেও গনেশ দলেৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল ৷

অতুল বৰাৰ ক্ষমতাৰ বাবেই  মৃদুল পেগুৰ স্বীকাৰোক্তি আৰু গোপন সুত্ৰৰ  আধাৰতে নিশা নিজ বাসগৃহৰ পৰা আটক কৰি অনা এই গনেশ দলেক সসন্মানেৰে এৰি দিব লগা হ’ল নেকি বুলি এতিয়া প্ৰশ্ন উত্থাপিত হৈছে ?

ইফালে, গঁড়ৰ খৰ্গ ব্যৱসায়ত গনেশ দলেৰ নাম উচ্চাৰিত হোৱাৰ পাচত অসম গণ পৰিষদ দলৰ বোকাখাতৰ দলীয়কৰ্মীৰ মাজত সৃষ্টি হোৱা ক্ষোভৰ বাবেই আজি গনেশ দলেক অগপ দলৰ বিষয় বাব আৰু প্ৰাথমিক সদস্য পদৰ পৰা তাৎক্ষনিক ভাৱে অব্যাহতি দিয়া হৈছে বুলি এক প্ৰেছ বিজ্ঞপ্তি যোগে জনাইছে অগপ দলৰ বোকাখাত বিধান পৰিষদৰ সম্পাদক উৎপল বৰদলৈয়ে ৷