আহোম ৰয়েল ছ’চাইটিৰ উদ্যোগত চ্যুকাফা দিৱস পালন
জাতিৰ জনক চাওল্যুং চ্যুকাফাৰ সমাধি ক্ষেত্ৰত আজি আহোম ৰয়েল ছ’চাইটি শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত চ্যুকাফা দিৱস (অসম দিৱস ) পালন কৰা হয়। চৰাইদেউ জিলাৰ দ’লবাগানৰ নাংকুৰি পাহাৰৰ কাষত যোৱা তিনিটা বছৰৰ পূৰ্বে আৱিস্কাৰ হোৱা চ্যুকাফাৰ সমাধি ক্ষেত্ৰত চ্যুকাফা দিৱস অনুষ্ঠিত কৰা হয়।
আহোম ৰয়েল ছ’চাইটিৰ শিৱসাগৰ জিলাৰ সভাপতি মণিৰুল ইছলাম বড়াই আঁত ধৰা অনুষ্ঠানটোত আহেম ৰয়েল চ’ছাইটিৰ কেন্দ্ৰীয় সভাপতি কমলা ৰাজকোঁৱৰ, আহোম ৰয়েল চ’ছাইটিৰ উপদেষ্টা তথা আলফাৰ সভাপতি ৰাজীৱ ৰাজকোঁৱৰ ওৰফে অৰবিন্দ ৰাজখোৱাই চাও ল্যুং চ্যুকাফাৰ সমাধিত বন্তি প্ৰজ্বনল কৰাৰ লগতে বীৰ পুৰুষ গৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে।
আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাই কয়, “বহুটো ৰাজনীতিবিদে চাওল্যুং চ্যুকাফাৰ নামত ভোট লৈ মন্ত্ৰী বিধায়ক হৈছে, বহু ব্যক্তিয়ে চ্যুকাফাৰ নামত বুৰঞ্জী লিখি বুৰঞ্জীবিদ হৈছে কিন্তু তেনে কোনো এজন ব্যক্তিয়ে এইগৰাকী মহান মুনিষীৰ প্ৰকৃত মৈডামটো উদ্ধাৰ কৰাত অলপো গুৰুত্ব নিদিলে।”
উল্লেখ্য যে ইয়াৰ পূৰ্বে ১৯৫২ চনৰ পৰা ২০১৪ চনলৈকে চৰাইদেউত ৪২ জন স্বৰ্গদেউক শ্ৰদ্ধাঞ্জলি জনাই আহিছিল। সেই ৪২ জন স্বৰ্গদেউৰ ভিতৰত চ্যুকাফাক ও শ্ৰদ্ধাঞ্জলি জনাই আহিছিল।
শেহতীয়াকৈ তৰ্পন সমিতি আৰু স্থানীয় ৰাইজ তথা জাতীয় দল সংগঠনৰ প্ৰচেষ্টাত এখনি বুৰঞ্জী বিশেষজ্ঞ কমিটি গঠন কৰা হৈছিল আৰু সেই কমিটিখনে বুৰঞ্জীৰ পাত লুটিয়াই আৰু বহু পৰীক্ষা নিৰীক্ষাৰ অন্তত এই মৈডামটো আৱিস্কাৰ কৰিলে আৰু এইটোৱেই চাও ল্যুং চ্যুকাফাৰ মৈডাম বুলি নিশ্চিত কৰিলে।
আলফাৰ সভাপতি গৰাকীয়ে লগতে কয়, ‘চৰকাৰে এই মৈডাম উদ্ধাৰ হোৱাৰে পৰা কোনো এজন মন্ত্ৰী বিধায়ক আহি ইয়াত উপস্থিত হোৱা নাই। কিন্তু এই মৈডামটো সংৰক্ষণৰ বাবে কোটি কোটি টকা আবন্টন দিছে বুলি বাতৰিত প্ৰকাশ পাইছে যদিও চৰাইদেউ জিলা প্ৰশাসনৰ লগত আমি কথা পতাত মাত্ৰ ১ কোটি টকাহে লাভ কৰিছে বুলি জানিবলৈ দিয়ে।
‘চৰকাৰে নকৰিলেও আমি আমাৰ পিতৃ পুৰুষৰ মৈডাম সংৰক্ষণ কৰিম। এইটো আমাৰ জাতীয় দায়িত্ব। এই দায়িত্ব আমি পালন কৰিম’। এই মন্তব্য আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাৰ।
আজিৰ এই অনুষ্ঠানত থাইলেণ্ডৰ পৰা অহা বহুকেইজন বৌদ্ধ ভ্ৰান্তে উপস্থিত থাকে।
উল্লেখ্য যে ১২২৮ চনৰ ২ ডিচেম্বৰ (১৬ আঘোন)ত পাটকাই পৰ্বত পাৰ হৈ সুদুৰ মাওল্যুঙৰ পৰা ছৌ কা ফা অথবা চ্যুকাফা নামৰ বীৰ পুৰুষ গৰাকী অসমলৈ আহিছিল। এইগৰাকী চ্যুকাফাই সাতৰাজ সামৰি এক ৰাজ কৰি গঢ় দিছিল সাহিত্য, কৃষ্টি, সংস্কৃতিৰে ভৰপূৰ অসমীয়া নামৰ এটা জাতিৰ।
বৰ অসম গঢ়াৰ ক্ষেত্ৰত চ্যুকাফাৰ অৱদানলৈ শ্ৰদ্ধা জনায় ১৯৮৭ চনৰ পৰা ২ ডিচেম্বৰৰ দিনটো অসম দিৱস বা চ্যুকাফা দিৱস হিচাপে পালন কৰি আহিছে।