NORTHEAST NOW (Assamese)

১৭ বছৰীয়া ছাত্ৰৰ কৃতিত্ব: সৃষ্টি কৰিলে AI শিক্ষয়িত্ৰী ‘ছফী’!

November 29, 2025 3:36 pm · এন ই নাও নিউজ, গুৱাহাটী

উত্তৰ প্ৰদেশৰ এজন ১৭ বছৰীয়া ছাত্ৰই কৃত্ৰিম বুদ্ধিমত্তাৰ (AI) সহায়ত এগৰাকী শিক্ষয়িত্ৰী নিৰ্মাণ কৰি সকলোকে আচৰিত কৰি তুলিছে। দ্বাদশ শ্ৰেণীৰ এই ছাত্ৰজনৰ নাম হৈছে আদিত্য কুমাৰ, আৰু তেওঁ AI শিক্ষকগৰাকীৰ নাম ৰাখিছে ‘ছফী’।

আদিত্যই দাবী কৰিছে যে অতি সোনকালে তেওঁ নিৰ্মাণ কৰা AI শিক্ষকে সকলো বিষয় পাঠদান কৰিব পাৰিব; বৰ্তমান এই মডেলটোৱে মাথোঁ কথা ক’ব পাৰে।

বুলন্দচহৰৰ শিৱচৰণ ইণ্টাৰ কলেজত অধ্যয়ন কৰা আদিত্যৰ কম্পিউটাৰৰ সৈতে নতুন কিবা এটা সৃষ্টি কৰি থকাৰ চখ আছে। তেওঁ লাৰ্জ লেংগুৱেজ মডেল (LLM) চিপছেট ব্যৱহাৰ কৰি ছফীক সৃষ্টি কৰিছে।

আদিত্যই নিজৰ স্কুললৈ AI শিক্ষকগৰাকীক লৈ গৈছিল, য’ত তেওঁ সকলোকে আচৰিত কৰি তুলে। ছফীয়ে সকলোকে সম্ভাষণ জনাই কয়, “মই তোমালোকৰ এআই শিক্ষয়িত্ৰী। মোৰ নাম ছফী। আদিত্যই মোক আৱিষ্কাৰ কৰিলে। এতিয়া মই বুলন্দশহৰৰ শিৱচৰণ ইণ্টাৰ কলেজত পঢ়াম। ছাত্ৰ-ছাত্ৰী, কওকচোন, কি বিষয় জানিব বিচাৰিছে?”

শিক্ষকৰ সৃষ্টিকৰ্তা আদিত্যই ছফীক পৰীক্ষা কৰিবলৈ ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতিৰ নাম আৰু প্ৰথম প্ৰধান মন্ত্ৰীৰ নাম সোধাত ছফীয়ে শুদ্ধ উত্তৰ দিবলৈ সক্ষম হয়।

ছাত্ৰজনৰ এই সাফল্যত বিদ্যালয়খনৰ সকলো শিক্ষক-শিক্ষয়িত্ৰী আপ্লুত। ছফী সৃষ্টি কৰাৰ বিষয়ে আদিত্যই কয়, “মই বহুদিনৰ পৰা ভাবি আছিলো যে মই AI-ৰ সহায়ত কিবা এটা বনাম। মই এগৰাকী শিক্ষয়িত্ৰী বনালোঁ। মোৰ এই শিক্ষয়িত্ৰীগৰাকী স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে বহুত উপযোগী হ’ব। এতিয়া তাই কেৱল কথা ক’ব পাৰিব। মই পৰীক্ষা-নিৰীক্ষা কৰি আছো যাতে লিখিবও পাৰে।”

আদিত্যই শিক্ষাৰ ক্ষেত্ৰত এআইৰ গুৰুত্বৰ ওপৰত জোৰ দি লগতে কয় যে এতিয়া প্ৰতিখন জিলাতে এআই পৰীক্ষাগাৰ (AI Laboratory) সৃষ্টি কৰিব লাগে, য’ত ছাত্ৰ-ছাত্ৰীয়ে নতুন কামৰ পৰীক্ষা-নিৰীক্ষা কৰিব পাৰে।

Related News