NORTHEAST NOW (Assamese)

নাগালেণ্ডৰ গণহত্যাৰ পৰিস্থিতিৰ বুজ ল’বৰ বাবে চাৰিজনীয়া প্ৰতিনিধি দল প্ৰেৰণ কংগ্ৰেছৰ

December 6, 2021 6:14 pm · এন ই নাও নিউজ, গুৱাহাটী

যোৱা শনিবাৰে নাগালেণ্ডৰ মন জিলাত আছাম ৰাইফলছৰ নিৰ্বিচাৰ গুলীচালনাত ১৫ জনকৈ নিৰীহ লোকৰ মৃত্যুৰ পাছত ক্ৰমান্বয়ে উত্তপ্ত হৈ পৰিছে নাগালেণ্ড।

সৰ্ব ভাৰতীয় কংগ্ৰেছ কমিটিয়ে নাগালেণ্ডৰ এই নৃশংস হত্যাকাণ্ডৰ বুজ ল’বৰ বাবে চাৰিজনীয়া সদস্যৰ এটা প্ৰতিনিধি দল ঘটনাস্থলীলৈ প্ৰেৰণ কৰিব।

এই দলটোৰ সদস্য হিচাপে নিৰ্বাচিত কৰা হৈছে কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং, নাগালেণ্ড কংগ্ৰেছৰ পৰ্যবেক্ষক অজয় কুমাৰ, সাংসদ গৌৰৱ গগৈ আৰু সাংসদ এণ্টো এণ্টনী।

এই সঁজাতি দলটোৱে নাগালেণ্ড ভ্ৰমণ কৰি মন জিলাৰ নিৰীহ জনতাৰ হত্যাকাণ্ড সন্দৰ্ভত এখন প্ৰতিবেদন প্ৰস্তুত কৰিব।

প্ৰতিনিধি দলটোৱে কংগ্ৰেছৰ সভাপতি ছোনীয়া গান্ধীৰ হাতত এসপ্তাহৰ ভিতৰত এই প্ৰতিবেদন দাখিল কৰিব।

Related News