NORTHEAST NOW (Assamese)

বেংগালুৰুৰ পঞ্চ তাৰকা হোটেলত ধৰ্ষণৰ বলি এয়াৰ হোষ্টেজ : কাঠগৰাত বিমানৰ পাইলট

November 24, 2025 10:00 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: November 24, 2025 8:29 pm

বেংগালুৰুত এখন পঞ্চ তাৰকা হোটেলত এগৰাকী বিমান কৰ্মীক ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে এজন পাইলটৰ বিৰুদ্ধে। যোৱা ১৯ নৱেম্বৰত হায়দৰাবাদৰ বেগমপেট আৰক্ষী থানাত ভুক্তভোগীয়ে লিখিত অভিযোগ দাখিল কৰিছে। এই অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, ভুক্তভোগী যুৱতীগৰাকী হায়দৰাবাদৰ বাসিন্দা। যোৱা ১৮ নৱেম্বৰৰ নিশা তেওঁ এখন হোটেলত আছিল। অভিযুক্ত পাইলটজনো একেখন হোটেলতে আছিল।

অভিযোগ অনুসৰি, ধূমপান কৰাৰ অজুহাতত তেওঁ যুৱতীগৰাকীক বাহিৰলৈ মাতি লৈ যায়। তাৰ কিছু সময়ৰ পিছতে ষাঠি বছৰীয়া পাইলটজনে তেওঁক জোৰকৈ নিজৰ কোঠালীলৈ টানি লৈ গৈ ধৰ্ষণ কৰে।

ইয়াৰ পিছত ১৯ নৱেম্বৰত হায়দৰাবাদলৈ উভতি আহি ভুক্তভোগীয়ে বেগমপেট থানাত লিখিত অভিযোগ দাখিল কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে।

অৱশ্যে, এই পৰ্যন্ত কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই। কিন্তু অভিযুক্ত পাইলটৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

বেগমপেট থানাৰ এজন আৰক্ষী বিষয়াই জনোৱা মতে, যুৱতীগৰাকীৰ অভিযোগৰ সম্পূৰ্ণ প্ৰতিবেদন বেংগালুৰুৰ হালাছুৰু থানালৈ প্ৰেৰণ কৰা হৈছে। অভিযুক্তক বিচাৰি অভিযান আৰম্ভ কৰা হৈছে। ঘটনাৰ পুঙ্খানুপুঙ্খ তদন্ত কৰা হ’ব বুলিও আশ্বাস দিয়া হৈছে।

Related News