NORTHEAST NOW (Assamese)

অনুমতি নথকা কৰ্মীয়ে উৰুৱালে বিমান : এয়াৰ ইণ্ডিয়াক বিহা হ’ল ৯৮ লাখ টকাৰ জৰিমণা

August 24, 2024 12:58 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

শুকুৰবাৰে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে টাটাৰ মালিকানাধীন এয়াৰ ইণ্ডিয়াৰ ওপৰত ৯৮ লাখ টকাৰ জৰিমনা আৰোপ কৰে।

অভিযোগ অনুসৰি, যোৱা ৯ জুলাইত বিমানখনে মুম্বাইৰ পৰা ৰিয়াদলৈ গৈছিল। এজন নন-ট্ৰেইনাৰ কেপ্তেইন আৰু তেওঁৰ সহকাৰী প্ৰথম বিষয়াৰ সৈতে এই বিমানখন উৰুৱাইছিল। কিন্তু তেওঁলোক এজনৰো উৰণৰ অনুমতি নাছিল।

এই ঘটনা পোহৰলৈ আহাৰ লগে লগে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে তদন্তৰ আৰম্ভ কৰে। তদন্তত ঘটনাটো সত্য বুলি প্ৰমাণিত হোৱাত এয়াৰ ইণ্ডিয়াক ৯৮ লাখ টকাৰ জৰিমনা বিহা হৈছে।

ইয়াৰ উপৰিও অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে এয়াৰ ইণ্ডিয়াৰ পৰিচালনা সঞ্চালকক ৬ লাখ আৰু প্ৰশিক্ষণ সঞ্চালকক ৩ লাখ টকাৰ জৰিমনা বিহে।

মন কৰিবলগীয়া যে পাইলটৰ জিৰণিৰ সময়সূচী উলংঘা কৰাৰ বাবে যোৱা বছৰৰ মাৰ্চ মাহত অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে এয়াৰ ইণ্ডিয়াক ৮০ লাখ টকাৰ জৰিমনা বিহিছিল।

Related News