NORTHEAST NOW (Assamese)

আলিবাবাৰ ৭২ টা চাৰ্ভাৰেৰে ভাৰতীয়ৰ তথ্য চুৰি কৰিছে চীনে! : ভাৰতৰ চোৰাংচোৱাৰ বিস্ফোৰক দাবী

September 17, 2020 7:29 am · এন ই নাও নিউজ
Updated: September 17, 2020 7:34 am

কেৱল সীমান্তৰ আগ্ৰাসনতে সীমাৱদ্ধ হৈ থকা নাই চীন, চীনে এইবাৰ চাইবাৰ আক্ৰমণ কৰিছে ভাৰতক! এই দাবী ভাৰতৰ চোৰাংচোৱা সংস্থাৰ।

প্ৰতিবেশী ৰাষ্ট্ৰ চীনে ভাৰতীয়সকলৰ গোপন তথ্য সৰবৰাহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভাৰতীয় চোৰাংচোৱা সংস্থাই।

উল্লেখ্য যে ইতিপূৰ্বে ভাৰতৰ গৃহ মন্ত্ৰণালয়ে দেশৰ নিৰাপত্তা আৰু সাৰ্বভৌমত্ব ৰক্ষাৰ স্বাৰ্থ চীনৰ ১০০ টাতকৈও অধিক এণ্ড্ৰইড এপ্লিকেশ্যন ভাৰতত নিষিদ্ধ কৰিছিল।

ইয়াৰ পিছতো ভাৰতীয় চোৰাংচোৱা সংস্থাৰ প্ৰতিবেদনত চীনে ভাৰতীয় লোকৰ গোপন তথ্য সৰবৰাহৰ তথ্য পোৰহলৈ আহিছে।

চোৰাংচোৱাৰ অভিযোগ অনুসৰি চীনৰ বহুজাতিক ব্যাণিজ্যিক সংস্থা আলিবাবাই ভাৰতীয় লোকৰ লগতে দেশৰ বিভিন্ন বাণিজ্যিক সংস্থাৰ গোপন তথ্য চীনক সৰবৰাহ কৰিছে।

আলিবাবাই ইয়াৰ বাবে ৭২ টা চাৰ্ভাৰ ব্যৱহাৰ কৰিছে বুলিও দাবী কৰিছে ভাৰতীয় চোৰাংচোৱা সংস্থাই।

এই সন্দৰ্ভত মংগলবাৰে এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত চোৰাংচোৱাৰ এগৰাকী শীৰ্ষস্থানীয় বিষয়াই কয় যে লোভনীয় অফাৰ দি দেশৰ বিভিন্ন বাণিজ্যিক সংস্থাক ফান্দত পেলাই আহিছে আলিবাবাই।

তেওঁৰ মতে ইউৰোপীয় চাৰ্ভাৰৰ তুলনাত চীনৰ চাৰ্ভাৰত তথ্য সংৰক্ষিত কৰাৰ মূল্য যথেষ্ট কম আৰু ভাৰতৰ সংস্থাসমূহে ইয়াৰেই ফান্দত ভৰি দিছে।

তেওঁ দাবী কৰে যে এক সুনিৰ্দিষ্ট পৰিকল্পনাৰে ভাৰতীসকলৰ গুৰুত্বপূৰ্ণ তথ্য চীনৰ ৰিমোট চাৰ্ভাৰলৈ সৰবৰাহ কৰা হয়।

ইফালে এই সম্পৰ্কে অতি শীঘ্ৰে তদন্ত আৰম্ভ কৰা হ’ব বুলিও জনাইছে চোৰাংচোৱাৰ সূত্ৰই।

ভাৰতীয় চোৰাংচোৱাই এই অভিযোগ উত্থাপন কৰাৰ পিছত এতিয়ালৈকে আলিবাবাৰ তৰফৰ পৰা কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাই।

ইফালে কিছুদিন পূৰ্বে ৰাষ্ট্ৰীয় স্তৰৰ সংবাদ মাধ্যমৰ প্ৰতিবেদনত কোৱা হৈছিল যে চীনৰ ঝেনহুৱা ডাটা ইনফৰ্মেশ্যন টেক’নল’জি কোম্পানী লিমিটিডে ভাৰতীয় ৰাজনীতি, বিনোদন, ক্ৰীড়া, সংবাদ মাধ্যম আনকি অপৰাধী আৰু সন্ত্ৰাসবাদীৰ সম্পৰ্কীয় তথ্যও সংগ্ৰহ কৰিছে।

Related News