NORTHEAST NOW (Assamese)

সোমবাৰে ১২ ঘণ্টীয়া মধ্য অসম বন্ধ ঘোষণা সদৌ তিৱা ছাত্ৰ সন্থাৰ

November 22, 2020 3:53 pm · চানু গগৈ
প্ৰতিনিধিত্বমূলক চিত্ৰ

বহু প্ৰত্যাশিত তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ দিন ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰাৰ পিছতে উক্ত নিৰ্বাচন অবৈধ, অগণতান্ত্ৰিক আখ্যা দি নিৰ্বাচনৰ তীব্ৰ বিৰোধিতা কৰিছে তিৱা ছাত্ৰ সন্থাই।

নিৰ্বাচনৰ বিৰোধিতা কৰাৰ লগতে ছাত্ৰ সংগঠনটোৱে এলানি আন্দোলনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

সংগঠনটোৰ দাবী অনুসৰি তিৱা স্বায়ত্ত পৰিষদৰ এলেকাক ‘অসম ৰাজধানী প্ৰাধীকৰণ আইন (ASERDA)২০১৭’ ৰ আওতাৰ পৰা প্ৰত্যাহাৰ কৰাৰ লগতে অধিসূচনাত বাদ পৰি ৰোৱা তিৱা বসতি প্ৰধান গাঁওসমূহ পৰিষদৰ পৰা কৰ্তন কৰাৰ উপৰি তিৱাসকলক ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কৰাৰ দাবীৰে সংগঠনটোৱে সোমবাৰে ১২ ঘণ্টীয়া মধ্য অসম বন্ধ কাৰ্যসূচী ঘোষণা কৰে।

ইয়াৰ উপৰি তিৱা জনগোষ্ঠীটোৰ সামগ্ৰীক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি উক্ত বন্ধ কাৰ্যসূচী পালন কৰিবলৈয়ো ৰাইজলৈ সংগঠনটোৱে আহ্বান জনাইছে।

উল্লেখ্য যে যোৱা ১৭ নৱেম্বৰত অসমৰ  নিৰ্বাচন আয়োগে তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিছিল।

সেই অনুসৰি আগন্তুক ডিচেম্বৰ মাহৰ ১৭ তাৰিখে পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ ভোটদান প্ৰক্ৰিয়া আৰম্ভ হ’ব।

১৯ ডিচেম্বৰত ভোট গননাৰ কাম আৰম্ভ হ’ব।

Related News