NORTHEAST NOW (Assamese)

ক’ৰ’না ভাইৰাছৰ আতংক; গুৱাহাটীত দ্ৰুত গতিত হ্ৰাস পাইছে মাংসৰ বিক্ৰী

March 14, 2020 4:04 pm · এন ই নাও নিউজ
Updated: March 14, 2020 4:19 pm
প্ৰতিনিধিত্বমূলক ছবি, সৌজন্য- ইন্টাৰনেট

সমগ্ৰ বিশ্বতে মাহামাৰী ৰূপ ধাৰণ কৰা ক’ৰ’না ভাইৰাছে ইতিমধ্যে ভাৰতবৰ্ষতো বিপয়পি পৰিছে।

ষাঠিৰো অধিকত লোক ক’ৰ’নাৰ ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে বৰ্তমানলৈকে দুগৰাকী আক্ৰান্তৰ মৃত্যুও ঘটিছে ভাৰতত।

এই আতংকই এতিয়া ছানি ধৰিছে অসমৰ লগতে গুৱাহাটী মহানগৰতো।

যাৰ ফলত দেখা গৈছে গুৱাহাটী মহানগৰত দ্ৰুত গতিত হ্ৰাস পাইছে মাংসৰ বিক্ৰী।

উল্লেখ্য যে যোৱা বৰ্ষৰ চীনৰ য়ুৱান প্ৰদেশৰ মাংসৰ বজাৰৰ পৰাই ক’ৰ’নাৰ ভাইৰাছ সংক্ৰমণ হোৱা নিশ্চিতি কৰা হৈছে।

ক’ৰ’না ভাইৰাছ হৈছে বন্য প্ৰাণীৰ পৰা মানুহলৈ সংক্ৰমণ হোৱা এবিধ বীজাণু।

সমগ্ৰ বিশ্বতে এই ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰাৰ পিছত বিশ্ব স্বাস্থ্য সংস্থা( WHO)এ বিশ্ববাসীৰ বাবে বিভিন্ন বিধান আৰু সতৰ্কতামূলক ব্যৱস্থা ল’বলৈ আহ্বান জনাই আহিছে।

এনে আতংকৰ মাজতে গুৱাহাটীৰ মাংসৰ বজাৰত মাংসৰ বিক্ৰী অভাৱনীয় হাৰত হ্ৰাস পাইছে। এজন মাংস বিক্ৰতাই কৈছে যে, তেওঁলোকৰ ব্যৱসায় সম্পূৰ্ণৰূপে ভাঙি পৰিছে। ক’ৰ’না ভাইৰাছৰ আতংকত ক্ৰেতাসকলে হঠাতে মাংস ক্ৰয় কৰিবলৈ বন্ধ কৰি দিছে।

ইফালে মাংসৰ দামো অভাৱনীয় হাৰত হ্ৰাস পোৱা দেখা গৈছে।

বিক্ৰেতাসকলৰ মতে মাংসৰ বিক্ৰী হাৰ প্ৰায় ৫০%  শতাংশতকৈও অধিক হ্ৰাস পাইছে।

Related News