NORTHEAST NOW (Assamese)

অসমৰ কাৰাগাৰৰ পৰা পঞ্জাৱত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব অমৃতপল সিঙে

April 25, 2024 7:59 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 25, 2024 8:08 am

কাৰাগাৰত বন্দী খালিস্তানপন্থী নেতা অমৃতপল সিঙে অসমৰ ডিব্ৰুগড় কাৰাগাৰৰ পৰাই পঞ্জাৱৰ খাদূৰ চাহিব সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিছে।

বাতৰি অনুসৰি, সিঙৰ অধিবক্তা ৰাজদেৱ সিং খালছাই নিশ্চিত কৰিছে যে ওৱাৰিছ পঞ্জাৱ দে-ৰ নেতাগৰাকীয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব।

লগতে পঢ়কঃ IPL 2024: পুনৰ পন্তৰ বেটিং ধুমুহা; দিল্লীৰ বিৰুদ্ধে যুঁজ দিও হাৰিল গীলৰ গুজৰাট

শেহতীয়াকৈ অমৃতপল সিঙক লগ কৰিবলৈ ডিব্ৰুগড় ভ্ৰমণ কৰা খালছাই কয়, ‘মই অমৃতপাল সিঙক লগ পাইছিলো। তেওঁ মোক নিশ্চিত কৰিছে যে তেওঁ খাদূৰ চাহিবৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব।”

আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পিছত ২০২৩ চনৰ এপ্ৰিল মাহৰ পৰা ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত ডিব্ৰুগড় কাৰাগাৰত কাৰাবন্দী হৈ আছে সিং।

লগতে পঢ়কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুছলমান বিদ্বেষী ভাষণৰ বিৰোধিতা কৰা বাবে ৰাজস্থানৰ বিজেপি নেতাক বহিস্কাৰ

তদুপৰি, সূত্ৰসমূহে ইংগিত দিয়ে যে এটা মূলসুঁতিৰ দলে সিঙৰ প্ৰাৰ্থিত্বক বাহিৰৰ পৰাই সমৰ্থন আগবঢ়োৱাৰ কথা চিন্তা কৰিছে।

Related News